অতিমাৰীৰ পৰা ৰক্ষাৰ একমাত্র ভৰসা কৰ’না দেৱী

ইতিহাসৰ পুনৰাবৃত্তিৰে তামিলনাডুত স্থাপন হ’ল মন্দিৰ

corona devi2

কৰ’না অতিমাৰীৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰিব একমাত্র কৰ’না দেৱীয়েহে। সেয়ে মন্দিৰ নিৰ্মাণ কৰি কৰ’নাৰ মূর্তি স্থাপন কৰি ইতিমধ্যেই আৰম্ভ হৈছে দেৱীৰ পূজা-অর্চনা।

তামিলনাডুৰ এখন গাঁৱত এই বিশ্বাসত ভৰ কৰিয়ে অতিমাৰীৰ প্রকোপৰ পৰা ৰক্ষা পাবলৈ এই পথ বাছি লৈছে স্থানীয় লােকসকলে। তামিলনাডুৰ চহৰ ক’ইম্বাট’ৰৰ নিকটৱর্তী কামাতচিপুৰম গাঁৱত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে।

ইতিমধ্যে পূজা-অর্চনাও আৰম্ভ হৈছে। এই পূজা একেৰাহে ৪৮ ঘণ্টালৈ চলিব। তাৰ পাছত হ’ব বিশেষ আৰাধনা। এই কথা জনাইছে মন্দিৰ কৰ্তৃপক্ষই। মন্দিৰৰ অধিষ্ঠাত্রী দেৱী কৰ’না দেৱীৰ মূর্তিটো গ্রেণাইট শিলেৰে তৈয়াৰ কৰা হৈছে।

ডেৰ ফুট দৈর্ঘৰ প্রতিমাৰ পিন্ধনত উজ্জ্বল ৰঙা ৰঙৰ শাৰী আৰু এহাতত আছে এখন ত্রিশূল। দেৱীৰ পূজাৰ দায়িত্বত থকা সেৱকসকলে জনাইছে যে ক’ভিড বিধিৰ পৰিপ্ৰেক্ষিতত এতিয়া মাত্র পুৰােহিতসকল আৰু মন্দিৰ দায়িত্বত থকা সকলৰ বাহিৰে আন লােকৰ প্ৰৱেশাধিকাৰ নাই।

অৱশ্যে সকলােৱে দূৰৰ পৰাই সেৱা জনাই যাব পাৰিব। মন্দিৰৰ ভিতৰত থকাসকলৰ ক্ষেত্ৰতাে সামাজিক দূৰত্ব আৰু অন্যান্য ক’ভিড বিধি অত্যন্ত কঠোৰভাৱে পালন কৰা হৈছে বুলিয়ে তেওঁলােকে দাবী কৰিছে।

অৱশ্যে এনে মন্দিৰ নতুন নহয়। ইতিহাসত ইয়াৰ নজিৰাে আছে। প্রায় এশ বছৰৰ পূর্বে যেতিয়া প্লেগ মহামাৰীৰ কবলত পৰি মৃত্যুমিছিল আৰম্ভ হৈছিল, তেতিয়াও এই ক’ইম্বাট’ৰতে নির্মাণ হৈছিল প্লেগ মাৰিয়াম্মান মন্দিৰ। তাত মাৰিয়াম্মান দেৱীক পূজা কৰা হৈছিল। আজিও সেই।

মন্দিৰত পূজা চলি আছে। ইয়াৰ উপৰি কেৰালাৰ কাড়াক্কালতাে এনে এটা মন্দিৰ নিৰ্মাণ কৰা হৈছিল। উল্লেখ্য যে কৰ’নাৰ দ্বিতীয় লহৰত সমগ্ৰ দেশৰ লগতে তামিলনাড়ুৰ অৱস্থাও তথৈবচ। প্রতিদিনে বৃদ্ধি পাইছে সংক্রমণ আৰু মৃত্যুৰ সংখ্যা।

ইয়াৰ সমান্তৰালকৈ অক্সিজেন আৰু হাস্পতালৰ খালী বিছনাৰ নাটনিয়েও ভয়ানক পৰিস্থিতিৰ উদ্ভৱ ঘটাইছে। এনে পৰিস্থিতিত সকলােকে ক’ভিড বিধি মানি চলিবলৈ আহ্বান জনােৱা হৈছে। কৰ’না দেৱীৰ মন্দিৰ কর্তৃপক্ষয়ে অনুৰূপ আহ্বান জনাইছে।

লগতে তেওঁলােক দৃঢ়বিশ্বাসী যে কৰ’না দেৱী তুষ্ট হলেই কমিব সংক্রমণৰ ভয়াৱহতা।

Exit mobile version