অপৰিষ্কাৰ মাস্কৰ ফলত হ’ব পাৰে ‘ব্লেক ফাংগাছ’

কি কয় চিকিৎসকে ?

woman touching face mask eyes

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ মাজতে দেশত নতুন আতংক সৃষ্টি কৰা ‘ব্লেক ফাংগাছ’ৰ সংক্ৰমণৰ সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞসকলে কিছু নতুন তথ্য প্ৰকাশ কৰিলে ।

শেহতীয়াভাৱে একাংশ স্বাস্থ্য বিশেষজ্ঞই দাবী কৰা মতে, যদিহে অপৰিষ্কাৰ মাস্ক পৰিধান কৰা হয় আৰু কম বায়ু থকা কোঠাত বসবাস কৰা হয়, তেন্তে ‘ব্লেক ফাংগাছ’ত আক্রান্ত হােৱাৰ শংকা বৃদ্ধি পায়।

কিন্তু আন একাংশ বিশেষজ্ঞৰ মতে, লেতেৰা মাস্ক পৰিধান, বাতানুকুল পৰিৱেশৰ ফলত ‘ব্লেক ফাংগাছ’ সংক্রমিত হােৱাৰ কোনাে বৈজ্ঞানিক প্রমাণ লাভ কৰা হােৱা নাই।

দিল্লীৰ কে’বাখনাে আগশাৰীৰ চিকিৎসালয়ৰ চিকিৎসকে প্রকাশ কৰা মতে, ক’ভিড আক্রান্ত আৰু ক’ভিড বিহীন উভয় ধৰণৰ লােক ‘ব্লেক ফাংগাছ’ত আক্রান্ত হৈছে আৰু এওঁলােকৰ মাজত অপৰিষ্কাৰ মাস্ক পৰিধান কৰাৰ প্রৱণতা আছিল।

ইন্দ্রপ্রস্থ এপলাে হাস্পতালৰ ই এন টি বিভাগৰ অধ্যক্ষ ডাঃ অজয় স্বৰূপে এই প্রসংগত কয় যে, ‘ব্লেক ফাংগাছ’ৰ সংক্ৰমণৰ মূল কাৰণ ‘ষ্টেৰয়ড’ অত্যধিক ব্যৱহাৰ কৰা যদিও দীর্ঘ সময়ৰ বাবে অপৰিষ্কাৰ মাস্ক পৰিধান কৰা আৰু বায়ু পর্যাপ্ত নথকা কোঠাত বাস কৰাৰ ফলতাে ভেঁকুৰজনিত এই সংক্ৰমণত কোনাে ব্যক্তি আক্রান্ত হ’ব পাৰে।

Exit mobile version