অমিতাভৰ উদ্যোগত জুহুত স্থাপন হ’ল কভিড চেণ্টাৰ

73 Amitabh Bachchan

কৰ’না সংক্রমণৰ কালত বলিউডৰ মহাতাৰকা অভিনেতা অমিতাভ বচ্চনে যথাসম্ভৱ সহায়ৰ হাত আগবঢ়াই আহিছে। বর্তমানলৈকে অমিতাভে ক’ভিড সাহায্য পুঁজিলৈ ১৫ কোটি টকাৰ দান আগবঢ়াইছে।

এইবাৰ ক’ভিড ৰােগীক চিকিৎসা প্রদানৰ বাবে এটি কেন্দ্র নির্মাণত হাতে-কামে লাগিল জনপ্রিয় অভিনেতাজন।

মহাতাৰকা অভিনেতাজনৰ আর্থিক সাহায্যত মুম্বাইৰ জুহুত ২৫ খন শয্যাযুক্ত এখন ক’ভিড কেয়াৰ চেণ্টাৰ গঢ়ি তােলা হ’ল।

নিজৰ ব্ল’গত শুকুৰবাৰে এই কথা প্রকাশ কৰি অমিতাভে কয় যে এই ক’ভিড কেয়াৰ চেণ্টাৰটোত অক্সিজেনৰ পৰা আৰম্ভ কৰি কৰ’না ৰােগীৰ চিকিৎসাত ব্যৱহাৰ কৰা সকলাে সামগ্রী উপলব্ধ হ’ব।

ইতিমধ্যে অক্সিজেনৰ ২০টা চিলিণ্ডাৰ মজুত কৰা হৈছে আৰু পুনৰ ২০টা চিলিণ্ডাৰ ক্ৰয়ৰ ব্যৱস্থা লােৱা হৈছে। উল্লেখ্য যে অমিতাভ নিজেও জুহুৰে বাসিন্দা।

Exit mobile version