গুজৰাটত ‘এঘৰীয়া’ হৈছে শ্মশানকর্মী

পৰিয়ালৰ স’তে সাক্ষাৎ কৰাৰ অনুমতি পােৱা নাই

Medi Agrahara Crematorium 1

কৰ’নাত মৃত্যু হােৱা ৰােগীৰ মৃতদেহ সৎকাৰ কৰাৰ বাবে বিভিন্ন স্থানত বিশেষ সন্মান পাইছে শ্মশানকর্মীসকলে। অথচ এই শ্মশানকর্মীসকলেই ‘অচুত’ আখ্যা পাইছে স্বয়ং প্রধানমন্ত্রী আৰু গৃহমন্ত্ৰীৰ নিজ ৰাজ্যতে। গুজৰাটৰ এখন গাঁৱত শ্মশানকর্মীসকলক ‘এঘৰীয়া কৰি ৰখাৰ অভিযােগ উঠিছে।

বিগত কিছু মাহ ধৰি তেওঁলােকে নিজঘৰলৈ ওভতাতাে দূৰৰে কথা, গাঁৱৰ পৰা খােৱাপানী আনিবলৈ গলেও তেওঁলােকক গাঁৱৰ পৰা বাহিৰ কৰি দিয়া হৈছে । এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ ভায়ৰা গাঁৱত।

পৰিস্থিতি এনে হৈছে যে বিগত কিছু মাহত এই শ্মশান কর্মীসকলে শ্মশানতে নিশা কটাইছে। তেওঁলােকে অভিযােগ কৰে যে নিজৰ পৰিয়ালৰ স’তেও সাক্ষাতত বাধা প্রদান কৰিছে গাঁওবাসীয়ে।

ইয়াৰ বাবে তেওঁলােকে প্রশাসনক অভিযােগাে দিছিল। তথাপি কোনাে লাভ নহ’ল। ফলত ভায়ৰা গাঁৱৰ শ্মশানকর্মীসকলে এতিয়াও নিজৰ গাঁৱত প্ৰৱেশ কৰিব পৰা নাই।

উল্লেখ্য যে গাঁওখনৰ নিবাসী কৌশিক কুমাৰে ক’ভিড পৰিস্থিতিত প্রায় দুমাহৰ পূর্বে সৎকাৰৰ কামত নিয়ােজিত হৈছিল। এক সংবাদ সংস্থাৰ আগত কৌশিকে কয়, এই কাম কৰিছাে বাবেই আমাক গাঁৱত প্ৰৱেশ কৰিবলৈ দিয়া হােৱা নাই।

আনকি গাঁৱৰ পৰা পানীও ভৰাবলৈ দিয়া নাই। নিজৰ পৰিয়ালৰ স’তে আমি সাক্ষাৎ কৰিব পৰা নাই। বাধ্য হৈ শ্মশানতে থাকিবলগীয়া হৈছে ।উল্লেখ্য যে বিগত কিছুদিন ধৰি গুজৰাটত দৈনিক প্রায় পাঁচ হেজাৰ লােক সংক্রমিত হৈছে।

আনহাতে, দৈনিক বহু সংখ্যক ৰােগীৰ মৃত্যুও হৈ আছে। মৃতদেহ সৎকাৰৰ সংখ্যা বাঢ়ি থকাত বহুতেই শ্মশানৰ কামলৈ আহিবলগীয়া হৈছে। অৱশ্যে তেওঁলােকক এইদৰে এঘৰীয়া কৰি ৰখাটো কাম্য নহয় বুলিয়ে মন্তব্য কৰিছে শ্মশানকর্মীসকলে।

Exit mobile version