দেওবাৰে ১৪ ঘণ্টা বন্ধ থাকিব ষ্টেট বেংকৰ এন‌ইএফটি সেৱা, ইণ্টাৰনেট বেংকিং

sbi investigates reported massive data leak showcase image 2 a 11986

প্ৰযুক্তিগত উন্নয়নৰ বাবে শনিবাৰ মাজ নিশাৰ পৰা দেওবাৰ দুপৰীয়া লৈকে ১৪ ঘণ্টাৰ বাবে ষ্টেট বেংকৰ নেছনেল ইলেক্ট্ৰনিক ফাণ্ডছ ট্ৰান্সফাৰ (এন‌ইএফটি) সেৱা বন্ধ থাকিব । এই সময়খিনিৰ ভিতৰত ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে ইণ্টাৰনেট বেংকিং, য়’ন’ আৰু য়’ন’ লাইট সেৱাও বন্ধ থাকিব বুলি জনোৱা হৈছে ।

ষ্টেট বেংকে টুইট কৰি জনায় যে, ‘২২ মে’ত বেংকৰ কাম শেষ হোৱাৰ পাছত ৰিজাৰ্ভ বেংক ষ্টেট বেংকৰ এন‌ইএফটি সেৱা প্ৰযুক্তিগত উন্নয়নত কাম কৰিব । সেয়ে নিশা ১২-১ মিনিটৰ পৰা দেওবাৰ বিয়লি দুই বজা পৰ্যন্ত বেংকৰ এন‌ইএফটি সেৱা, ইণ্টাৰনেট বেংকিং, য়’ন’আৰু য়’ন’লাইট সেৱা বন্ধ থাকিব । অৱশ্যে ৰিয়েল টাইম গ্ৰছ ছেটেলমেণ্ট (আৰটিজিএছ) সেৱা অব্যাহত থাকিব ।’

২১ মে’ৰ পৰাই অনলাইন সেৱাৰ প্ৰযুক্তিগত উন্নতিৰ কাম আৰম্ভ কৰিছে ষ্টেট বেংকে । বৃহস্পতিবাৰে বেংকে গ্ৰাহকসকলক জনায় যে, এই সময়ছোৱাত অনলাইন সেৱাত কিছু সমস্যা হ’ব । গ্ৰাহকসকলৰ সুবিধাৰ বাবেই এই উন্নয়নৰ কাম কৰা হৈছে । গ্ৰাহকসকলৰ সাময়িক সমস্যাৰ বাবে বেংক দুঃখিত ।

Exit mobile version