ব্লেক ফাংগাছৰ চিকিৎসাৰ বাবে ৰাজ্যসমূহক ২৩ হেজাৰৰো অধিক ঔষধ প্ৰেৰণ কৰিলে কেন্দ্ৰ‌ই

sadananda gowda 1620904555

ভাৰতত এই পৰ্যন্ত প্ৰায় ন হেজাৰ লোক ব্লেক ফাংগাছ বা মিউকৰমাইক’ৰছিছত আক্ৰান্ত হৈছে । শনিবাৰে এই কথা জনায় কেন্দ্ৰীয় মন্ত্ৰী সদানন্দ গৌড়াই । অত্যধিক হাৰত ব্লেক ফাংগাছৰ প্ৰভাৱ পৰা ৰাজ্যসমূহত ২৩ হেজাৰৰো অধিক ঔষধ প্ৰেৰণ কৰা ‌হৈছে বুলি জনায় মন্ত্ৰী গৌড়াই ।

শনিবাৰে কৰা টুইটত গৌড়াই লিখে, ‘বিভিন্ন ৰাজ্যত বৃদ্ধি পোৱা মিউকৰমাইক’ৰছিছৰ বিষয়টো পৰ্যালোচনা কৰি ২৩ হেজাৰ ৬৮০ টা ‘এম্ফুটেৰিছিন-বি’ প্ৰেৰণ কৰা হৈছে । দেশজুৰি আঠ হেজাৰ ৮৪৮ জন ৰোগীৰ ভিতৰত, যি ৰাজ্যত যিমান ৰোগী আছে সেই হিচাপে ঔষধ প্ৰেৰণ কৰা হৈছে ।’

কোন ৰাজ্যত কিমান এম্ফুটেৰিছিন-বি পঠোৱা হৈছে তাৰ এখন বিস্তাৰিত তালিকাও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । দেশৰ ভিতৰত আটাইতকৈ বেছি ব্লেক ফাংগাছৰ সংক্ৰমণ হৈছে গুজৰাটত । সেই ৰাজ্যত আক্ৰান্তৰ সংখ্যা দুই হেজাৰ ২৮১ জন । গুজৰাটত পাঁচ হেজাৰ আঠশ চিচি এম্ফুটেৰিছিন-বি প্ৰেৰণ কৰা হৈছে ।

আক্ৰান্তৰ তালিকাত দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ । মহাৰাষ্ট্ৰত দুহেজাৰ লোক এই ৰোগত আক্ৰান্ত হৈছে । ৰাজ্যখনত পাঁচ হেজাৰ ৯০ চিচি ঔষধ প্ৰেৰণ কৰা হৈছে ।

৯১০ জন লোক সংক্ৰমিত হোৱা অন্ধ্ৰপ্ৰদেশত দুহেজাৰ তিনিশ চিচি ঔষধ পঠোৱা হৈছে । এই পৰ্যন্ত মধ্যপ্ৰদেশত ৭২০ জন, ৰাজস্থানত সাতশ জন, কৰ্ণাটকত পাঁচশ জন হাৰিয়ানাত ২৫০ জন লোক ব্লেক ফাংগাছত আক্ৰান্ত হৈছে । ৰাজধানী দিল্লীত আক্ৰান্তৰ সংখ্যা ১৯৭ জন ।

Exit mobile version