কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তিআশ্ৰমৰ কোচৰাজবংশী সাহিত্য সভাৰ মূখ্য কাৰ্যালয় গিৰিজা ভূষন ৰায় ভৱনত অনুষ্ঠুপীয়াকৈ কোচৰাজবংশী সাহিত্য সভাৰ ২৯ তম প্ৰতিষ্ঠা দিৱস পালন কৰে।
অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ১০ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে কোচৰাজবংশী সাহিত্য সভাৰ কেন্দ্রীয় সাধৰণ সম্পাদক কমল বৰ্মনে।
ইয়াৰ পাছত কোচৰাজবংশী সাহিত্য সভাৰ প্ৰাক্তন কৰ্মী যদুৰাম ৰায়ে কোচৰাজবংশী ভাষাৰ কে’বাখনো কবিতা পাঠ কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে কোচৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল বৰ্মন, আলোচনী সম্পাদক লক্ষন বৰ্মন, সুকুমাৰ বৰ্মন, প্ৰাক্তন প্ৰচাৰ সম্পাদক তথা সাংবাদিক কৃষ্ণ বৰ্মন, প্ৰাক্তন কৰ্মী যদুৰাম ৰায়, নেক্স নিউজৰ মূখ্য সঞ্চালক কৰ্ণ সিংহ আৰু জাফাৰ কোকৰাঝাৰ জিলাৰ সহকাৰী সম্পাদক ধনকেশ বৰ্মন।
পতাকা উত্তোলন কৰি কোচৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল বৰ্মনে নৱগঠিত মিত্রজোটৰ চৰকাৰখনক অভিনন্দন জনোৱাৰ লগতে কোচৰাজবংসী জনগোষ্ঠীৰ উন্নয়নৰ হকে বিধায়ক ফনীভূষন চৌধুৰী আৰু বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীক কেবিনেট পৰ্যায়ৰ মন্ত্রীত্ব প্ৰদানৰ দাবী জনায়।
ইয়াৰ উপৰিও কমল কুমাৰ বৰ্মনে কয় যে কোচৰাজবংসী জনগোষ্ঠীৰ উন্নয়নৰ হকে সংগ্ৰাম কৰি অহা স্বসস্ত্র সংগঠন কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ কেএলও ক আলোচনাৰ মাজলৈ আনিবলৈ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়।