অনলাইনত বিক্ৰী হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সজীৱ বোমা, বিজ্ঞপ্তি দেখিয়ে সৰৱ আৰক্ষী

man tries to sell wwii era bomb

১৫ পাউণ্ড ব্যয় কৰিলেই লাভ কৰিব দ্বিতীয় বিশ্বযুদ্ধৰ সজীৱ বোমা ! এই বোমা জাৰ্মানে প্ৰস্তুত কৰা । অনলাইনত বিক্ৰয় ৱেবছাইটত ‘ব্যৱহাৰযোগ্য সামগ্ৰী’ৰ তালিকাতে দিয়া হৈছিল বোমাৰ বিজ্ঞাপন । ইয়াকে দেখি হতভম্ব হৈ পৰে ব্ৰিটেইনৰ আৰক্ষী প্ৰশাসন । লগে লগে তেওঁলোকে বিজ্ঞাপনদাতাৰ গৃহত উপস্থিত হৈ বোমাটো সংগ্ৰহ কৰে আৰু ইয়াৰ নিয়ন্ত্ৰিত বিস্ফোৰণ ঘটায় । সম্প্ৰতি বেআইনীভাৱে সংগ্ৰহৰ অভিযোগত বিজ্ঞাপনদাতাজনক গ্ৰেপ্তাৰ কৰি সুধ-পোচ আৰম্ভ কৰিছে আৰক্ষীয়ে ।

যোৱা ১৮ মে’ত বিজ্ঞাপনতো অনলাইন বিক্ৰী সংস্থা ই বে-ৰ ৱেবছাইটত প্ৰকাশ কৰা হয় । আৰক্ষীয়ে জনায় যে, বিজ্ঞাপনদাতা মাৰ্ক উইলিয়াম এজন মেটেল ডিটেক্টৰিষ্ট । তেওঁৰ বয়স ৫১ বছৰ ।

আৰক্ষীক মাৰ্কে জনায় যে, তেওঁ হেম্পছেয়াৰত তেওঁৰ ভাতৃৰ গৃহৰ কাষৰ এখন খেলপথাৰত বোমাটো লাভ কৰিছিল । বোমাটো মাটিৰ তলত পোত খাই আছিল । বোমাটো যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আডলফ হিটলাৰৰ আমোলত প্ৰস্তুত কৰা হৈছিল, সেইটো দেখিয়ে বুজিছিল মাৰ্কে । কিন্তু বোমাটো সজীৱ নে আগতে ব্যৱহাৰ কৰা সেই বিষয়ে তেওঁ জ্ঞাত নাছিল ।

সেনাবাহিনীৰ সামগ্ৰী সংগ্ৰাহক ৰালফ ছেৰ‌উইনে বিজ্ঞাপনতো দেখি মাৰ্কক যোগাযোগ কৰে । তেওঁ লিখে, ‘আপুনি জানে নে, বোমাটো এই পৰ্যন্ত নিস্ক্ৰিয় কৰা হৈছে নে নাই । এইটো সজীৱ !’ প্ৰত্যুত্তৰত মাৰ্কে তেওঁক উভতাই প্ৰশ্ন কৰি জানিব বিচাৰে, এই তথ্য আপুনি ক’ৰ পৰা লাভ কৰিলে ? ৰালফে জনায় যে, ইয়াৰ পাছত মাৰ্কে বিজ্ঞাপনতো আঁতৰাই দিব বুলি তেওঁ ধাৰণা কৰিছিল । কিন্তু আঁতৰ নকৰাৰ বাবে তেওঁ বাধ্য হৈ আৰক্ষীক খবৰ দিয়ে ।

ইয়াৰ পাছতেই তৎপৰ হৈ পৰে আৰক্ষী । আৰক্ষীয়ে মাৰ্কৰ গৃহত উপস্থিত হৈ তেওঁলোকৰ সকলোকে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰি বোমাটোৰ নিয়ন্ত্ৰিত বিস্ফোৰণ ঘটাই । পাছত মাৰ্কক গ্ৰেপ্তাৰ কৰা হয় ।

Exit mobile version