উৰিষ্যাৰ তিনি জিলাত য়াছৰ তীব্ৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা

PTI05 22 2021 000188B 1621707444901 1621708015278

ঘূৰ্ণিবতাহ য়াছৰ তীব্ৰ প্ৰভাৱ পৰিব পাৰে উৰিষ্যাৰ তিনি জিলাত । জিলাসমূহ হৈছে ময়ূৰভঞ্জ, ভদ্ৰক আৰু বালেশ্বৰ । দেওবাৰে এই তথ্য সদৰী কৰে উৰিষ্যাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সহ-অধিকৰ্তা উমাশংকৰ দাসে ।

শেহতীয়া এক সাক্ষাৎকাৰত উমাশংকৰে কয়, ‘পূৱ-মধ্য বংগোপসাগৰৰ উপৰত সৃষ্ট নিম্নচাপ আগন্তুক ১২ ঘণ্টাৰ ভিতৰত গভীৰ নিম্নচাপত পৰিণত হোৱাৰ সম্ভাৱনা । ইয়াৰ পাছত ই শক্তি বৃদ্ধি কৰি ঘূৰ্ণিবতাহৰ ৰূপ ধাৰণ কৰি উত্তৰ আৰু উত্তৰ-পশ্চিম দিশত অগ্ৰসৰ হ’ব । ২৬ মে’ত ঘূৰ্ণিবতাহ উৰিষ্যা, পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলৱৰ্তী অঞ্চলত প্ৰৱেশ কৰিব ।’

তেওঁ জনায় যে, উত্তৰ উৰিষ্যাৰ কিছুসংখ্যক জিলাত এই ঘূৰ্ণিবতাহৰ তীব্ৰ প্ৰকোপ পৰাৰ সম্ভাৱনা আছে । ২৫ মে’ৰ পৰাই ভদ্ৰক, বালেশ্বৰ, জয়পুৰ, কেন্দ্ৰাপড়া, জগজিৎসিংপুৰ, কটক, খুৰদা আৰু পুৰী এই জিলাসমূহত অতি বৃষ্টিপাত হ’ব । ২৬ মে’ত ময়ূৰভঞ্জ আৰু বালেশ্বৰত অতি বৃষ্টিৰ সম্ভাৱনা ।

Exit mobile version