গৰম দিনত শৰীৰৰ মেদবহুলতা কমাবলৈ আপুনি গ্ৰহণ কৰিব পাৰে এই পাঁচবিধ পানীয়

6f765d8a3a2b70f711d57f0a04acf230

fed432bb80ceb1ce5f6c4958e18353bf

মিশ্ৰিত ৰস

তিয়ঁহ, পাচলি, ধনীয়া, নেমু, আধা আৰু এল’বেৰাৰ ৰস পানীৰ স’তে মিহলাই ৰাতি শোৱাৰ আগত আধা কাপকৈ খালে পেটৰ মেদ বহুলতা কমে।

তিয়ঁহ ৰস

ৰাতি শোৱাৰ আগত তিয়ঁহৰ ৰস খাব লাগে, তিয়ঁহৰ ৰস শৰীৰৰ বাবে অতি উপকাৰী। তিয়ঁহৰ ৰসে পেটৰ মেদ বাহুল্যতা দূৰ কৰাত সহায় কৰে। তিয়ঁহ শীতল আৰু ৪৫ কেলেৰীযুক্ত।

এল’বেৰাৰ ৰস

এল’বেৰাৰ ৰসে শৰীৰৰ চালক অতি মসৃণ কৰি তোলে আৰু ই শৰীৰৰ ওজন কমোৱাত সহায় কৰে। ৰাতি শোৱাৰ আগত একাপ এল’বেৰাৰ জুচ খালে শৰীৰ ভালে থকাৰ লগতে ওজনো হ্রাস হয় ।

নেমুৰ ৰস

নেমুৰ ৰসেৰে তৈয়াৰী পানীয় গৰম কালত শৰীৰৰ বাবে অতি উপকাৰী আৰু ই বহুতৰে প্রিয় পানীয়। এই ৰসে শৰীৰত জমা হোৱা সকলো ক্ষতিকাৰক দ্ৰব্য নিষ্কাশন কৰাৰ লগতে বিষাক্ত গুণো নাশ কৰে। ই শৰীৰৰ ওজন ঘাটি হোৱাত সহায়ক হয়।

আদাৰ ৰস

আদা হজমী শক্তিৰ বাবে উপকাৰী ।আদায়ে গেষ্টিকৰ সমস্যাও দূৰ কৰাটো সহায় কৰে । দৈনিক আদাৰ ৰস খালে শৰীৰ মেদবহুতা কমাৰ লগতে হজমী শক্তিকো সঠিক কৰি ৰাখে।

Exit mobile version