দৰৱ কিনিবলৈ যােৱা যুৱকক চৰ শােধােৱা বিষয়ক নিলম্বন

pjimage 1 7

চত্তিছগড়ৰ চৰগুজা সংভাগৰ সুৰপুৰ জিলাৰ দণ্ডাধীশ ৰণবীৰ শৰ্মাক তৎকালীনভাৱে বলৱৎ হােৱাকৈ পদৰ পৰা অব্যাহতি দিলে ৰাজ্য চৰকাৰে।

উল্লেখ্য যে জিলা দণ্ডাধীশজনে তলাবন্ধত দৰৱ কিনিবলৈ যােৱা এজন যুৱকক ৰাজপথত প্ৰহাৰ কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল।

সামাজিক মাধ্যমৰ জৰিয়তে বিষয়াজনে চলােৱা এই গুণ্ডামিৰ তথ্য ফাদিল হােৱাত চত্তিছগড়ৰ মুখ্যমন্ত্রী ভূপেশ বঘেলে তেওঁক পদৰ পৰা আঁতৰাবলৈ নির্দেশ দিয়ে। এক টুইটত মুখ্যমন্ত্রীজনে কয়, সামাজিক মাধ্যমৰ জৰিয়তে সুৰপুৰৰ দণ্ডাধীশ ৰণবীৰ শৰ্মাৰ দ্বাৰা এজন যুৱকক দুর্ব্যৱহাৰ কৰা ঘটনা মােৰ অৱগত গৈছে।

এয়া অত্যন্ত দুখজনক আৰু নিন্দনীয় ঘটনা। চত্তিছগড়ত এই ধৰণৰ ঘটনা সহ্য কৰা নহ’ব। বিষয়া ৰণবীৰ শৰ্মাক তৎকালীনভাৱে পদৰ পৰাআঁতৰাবলৈ নির্দেশ দিলাে।

উল্লেখ্য যে শনিবাৰে দুপৰীয়া তলাবন্ধৰ সময়ত এজন যুৱকে নিদানপত্রসহ দৰৱ কিনিবলৈ ৰাজপথেৰে যােৱাৰ সময়তে দণ্ডাধীশ শর্মাই যুৱকজনক ৰখাই প্রচণ্ড চৰ সােধাইছিল আৰু তেওঁৰ স’তে দুর্ব্যৱহাৰ কৰিছিল।

তদুপৰি যুৱকজনে নিদানপত্র প্রদর্শন কৰাৰ পাছত বিষয়াজনে অভব্য আচৰণ কৰাৰ লগতে যুৱকজনৰ হাতত থকা ম’বাইল ফোনটো কাঢ়ি লৈ থেকেচি ভাঙিছিল। সামাজিক মাধ্যমত এই ঘটনা ভাইৰেল হােৱাত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

আইন-শৃংখলা তথা ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত একাংশ বিষয়াই এইদৰে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযােগ দেশৰ বিভিন্ন অঞ্চলত উত্থাপিত হৈছে।

Exit mobile version