পুনৰ দ্বিৰাষ্ট্র নীতিলৈ উভতিল আমেৰিকা

966450 joe biden

দুই ৰাষ্ট্র নীতি হৈছে সমস্যা সমাধানৰ একমাত্র পথ। ইজৰাইল-পেলেষ্টাইনৰ সংঘৰ্ষৰ সময়ত এই মন্তব্য প্রকাশ কৰিলে আমেৰিকাৰ ৰাষ্ট্রপতি জ’বাইডেনে।

পেলেষ্টাইনী হামাছ আৰু ইজৰাইলৰ সেনাবাহিনীৰ মাজত ১১ দিন ধৰি ভয়াৱহ সংঘর্ষ চলাৰ পাছত যােৱা শুকুৰবাৰে উভয় পক্ষই যুদ্ধবিৰতি ঘােষণা কৰিছিল।

এই সংঘর্ষ উপশমৰ ক্ষেত্ৰত আমেৰিকায়াে ভূমিকা গ্রহণ কৰিছিল। শনিবাৰে হােৱাইট হাউছত এখন সংবাদমেলত ৰাষ্ট্রপতি বাইডেনে কয়, ‘অঞ্চলটোত শান্তি ওভতাই আনিব হলে প্রথমে জেৰুজালেম চহৰত সাম্প্রদায়িক হিংসা বন্ধ কৰিব লাগিব।

পেলেষ্টাইনে যেতিয়ালৈকে ইজৰাইলক এখন সার্বভৌম ৰাষ্ট্ৰ হিচাপে স্বীকৃতি নিদিব, তেতিয়ালৈকে এই অঞ্চলত শান্তি ওভতাই অনাটো সম্ভৱ নহ’ব।

ইজৰাইলৰ নিৰাপত্তা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত আমি দায়বদ্ধ। একে সময়তে আমাৰ অৱস্থান এয়ে যে ইজৰাইল আৰু পেলেষ্টাইনক দুখন পৃথক ৰাষ্ট্ৰ হিচাপে যেতিয়ালৈকে বহিঃৰাষ্ট্ৰই মান্যতা নিদিব, তেতিয়ালৈকে এই অঞ্চলত শান্তি স্থাপন অসম্ভৱ।

আমেৰিকাসহ পশ্চিম বিশ্বৰ সৰহসংখ্যক ৰাষ্ট্ৰই দুই ৰাষ্ট্র নীতিলৈ সমর্থন ব্যক্ত কৰি আহিছে। অর্থাৎ ইজৰাইল আৰু পেলেষ্টাইন দুখন সার্বভৌম ৰাষ্ট্র আৰু এই দুই ৰাষ্ট্রৰ যৌথ ৰাজধানী থাকিব জেরুজালেমত।

Exit mobile version