পেটৰ তাড়নাত ৯০ কিলােমিটাৰ পথ খােজকাঢ়িলে ৩৮ প্ৰব্ৰজিত শ্ৰমিকে

0413 India Migrant Workers Photo Gallery

কৰ’নাকেন্দ্রিক পৰিস্থিতিত আকৌ এবাৰ প্রব্রজিত শ্ৰমিকৰ হাৰাশাস্তিৰ এক ভয়াৱহ ছবি পােহৰলৈ আহিল। কৰ’নাৰ সংক্রমণ ৰােধৰ বাবে দেশৰ প্ৰায়বােৰ ৰাজ্যতে সম্প্রতি তলাবন্ধ হৈ আছে।

এনে পৰিস্থিতিত যাতায়াতৰ ক্ষেত্ৰত বিপাঙত পৰিছে প্রব্রজিত শ্ৰমিকসকল। যানবাহনৰ অভাৱত ভূটানৰ পৰা খােজকাঢ়ি পশ্চিমবংগৰ বাসগৃহত উপস্থিত হ’ল ৩৮ জন প্রব্রজিত শ্রমিক।

তলাবন্ধত ভূটানত আবদ্ধ হৈ থকা শ্ৰমিকৰ এই দলটোৱে অৱশেষত খােজকাঢ়ি গৃহৰাজ্যলৈ ওভতাৰ সিদ্ধান্ত লৈছিল আৰু পাহাৰীয়া ৯০ কিলােমিটাৰ পথ খােজকাঢ়ি আলিপুৰদুৱাৰত থকা নিজৰ গাঁৱত উপস্থিত হ’ল।

৯০ কিলােমিটাৰ পথ খােজকঢ়াৰ বাবে শ্রমিককেইজনক ২০ ঘণ্টা সময়ৰ প্রয়ােজন হৈছিল। ঠিকাদাৰৰ অধীনত কাম কৰিবলৈ ৩৮ জন শ্রমিকে ভূটানৰ ছুখালৈ গৈছিল। কিন্তু ক’ভিড কালত ভূটানত তলাবন্ধ হােৱাত তেওঁলােক কর্মহীন হৈ পৰে আৰু চৰম দুদর্শাৰ সন্মুখীন হৈছিল।

অৱশেষত গৃহৰাজ্যলৈ উভতি আহিবলৈ এইদৰে খােজকাঢ়ি ৯০ কিলােমিটাৰ পথ অতিক্রম কৰিবলৈ বাধ্য হ’ল শ্ৰমিকৰ দলটোৱে। ৩৮ শ্ৰমিকৰ কেইজনমানৰ ঘৰ আলিপুৰদুৱাৰত আৰু আন কেইজনমানৰ ঘৰ জলপাইগুৰিত।

Exit mobile version