মুখৰ এল’পেথি, বিতর্কিত মন্তব্যৰ বাবে ৰামদেৱলৈ আইনী জাননী আই এম এৰ

23 05 2021 baba ramdev notice 21668716

কৰ’নাত দেশত লক্ষ লক্ষ মানুহৰ মৃত্যু হ’ল কেৱল এল’পেথি চিকিৎসা গ্ৰহণৰ ফলত। এল’পেথি চিকিৎসাক এইদৰে জগৰীয়া কৰি বিশিষ্ট যােগগুৰু বাবা ৰামদেৱে এল’পেথিক মুখৰ চিকিৎসা বুলি অভিহিত কৰিছিল।

যােগগুৰুজনৰ এই মন্তব্যৰ সন্দৰ্ভত তেওঁলৈ আইনী জাননী প্রেৰণ কৰিলে ভাৰতীয় চিকিৎসকৰ শীর্ষ সংগঠন ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন (আই এম এ)-এ।

বিতর্কিত মন্তব্যৰ বাবে আই এম এয়ে ৰামদেৱক ক্ষমা খুজিবলৈকো দাবী জনাইছে। অৱশ্যে ৰামদেৱৰ সংস্থা পতঞ্জলীয়ে এক বিবৃতিত কয় যে ভাইৰেল হােৱা ভিডিঅ’টো ভুৱা আছিল আৰু আধুনিক চিকিৎসা পদ্ধতি বা এল’পেথিৰ স’তে যােগগুৰুৰ কোনাে বৈৰিতা নাই।

সম্প্রতি এক অনুষ্ঠানত ৰামদেৱে কৈছিল, ‘কৰ’না পৰিস্থিতিত দেশৰ লাখ লাখ মানুহৰ মৃত্যু হ’ল এল’পেথি দৰৱৰ বাবে। অক্সিজেনৰ অভাৱত বা চিকিৎসাৰ অভাৱত যিমান লােকৰ মৃত্যু হ’ল, তাতােকৈ অধিক লােকৰ মৃত্যু হ’ল মূখৰ এল’পেথি চিকিৎসাৰ ফলত।

Exit mobile version