এইবাৰ মধ্য প্রদেশত তলাবন্ধত মহিলা বিষয়াৰ দোকানী যুৱকক চৰ আক্রমণ

shahjpur

চত্তিছগড়ত এজন জিলা দণ্ডাধীশে তলাবন্ধত দর ক্রয় কৰিবলৈ যােৱা এজন যুৱকক ৰাজপথত চৰিওৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ মধ্য প্রদেশৰ ছাহাজপুৰাত সান্ধ্য আইনৰ সময়ত দোকান খােলা ৰখা এজন যুৱকক এগৰাকী মহিলা বিষয়াই চৰিওৱাৰ আন এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।

প্রকাশিত বাতৰি অনুসৰি দুদিন পূর্বে অঞ্চলটোত এই ঘটনা সংঘটিত হৈছিল। আৰক্ষী আৰু প্ৰশাসনে অমলা নগৰত টহলদাৰী কৰাৰ সময়ত অঞ্চলটোত এখন দোকান খােলা থকা প্রত্যক্ষ কৰে আৰু দোকানখনৰ পৰা ওলাই অহা এজন যুৱকক মহিলা প্রশাসনিক বিষয়াই কোনাে প্রশ্ন নকৰাকৈ ৰাজহুৱা স্থানত চৰিওৱাই।

ইয়াৰ পাছত আৰক্ষীয়ে যুৱকজনক লাঠ মাৰিছিল। এই ঘটনা কোনাে ব্যক্তিয়ে ম’বাইল ফোনত ৰেকৰ্ড কৰি সামাজিক মাধ্যমৰ জৰিয়তে প্রচাৰ কৰে। তলাবন্ধত একাংশ চৰকাৰী বিষয়াই এইদৰে ৰাজপথত তথা ৰাজহুৱা স্থানত ক’ভিড আইন ভংগকাৰীক শাৰীৰিক নির্যাতন চলােৱাৰ একাধিক অভিযােগ উত্থাপিত হৈছে।

Exit mobile version