এল’পেথিৰ বিতর্কিত মন্তব্য প্রত্যাহাৰ বাবা ৰামদেৱৰ

patanjalibaba 660 091216123954 092416115026 100616014314

বিপুল সমালােচনাৰ সন্মুখীন হৈ অৱশেষত এল’পেথি সন্দৰ্ভত কৰা বিতর্কিত মন্তব্য প্রত্যাহাৰ কৰিলে যােগগুরু বাবা ৰামদেৱে।সোমাবাৰে এখন পত্ৰৰ জৰিয়তে ৰামদেৱক এই মন্তব্য প্রত্যাহাৰ কৰিবলৈ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনে জাননী দিছিল।

ADVERTISEMENT

ইয়াৰ পাছতে যােগগুৰুজনে হর্ষ বর্ধনৰে পত্ৰ লিখি কয়, ‘আপােনাৰ পত্ৰ লাভ কৰিলাে। এই চিঠিৰ পৰিপ্ৰেক্ষিতত আৰু বিভিন্ন চিকিৎসা পদ্ধতিক লৈ যি বিতর্ক সৃষ্টি হৈছে তাৰ অৱসান ঘটাবলৈ মই মােৰ মন্তব্য প্রত্যাহাৰ কৰিলাে।

উল্লেখ্য যে এক ভিডিঅ’ত অলপতে ৰামদেৱে এল’পেথি চিকিৎসাক মূৰ্খামি’ আখ্যা দি কৈছিল, ‘চিকিৎসা বা অক্সিজেন নােপােৱাকৈ যিমান লােকৰ মৃত্যু হৈছে তাতােকৈ অধিকসংখ্যক লােকৰ মৃত্যু হৈছে এল’পেথিক দৰৱ সেৱনৰ ফলত।

এল’পেথি হৈছে এক দেউলীয়া হােৱা বিজ্ঞান। ৰামদেৱলৈ এই বিতর্কিত মন্তব্যৰ সন্দৰ্ভতে কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে ক্ষমা খােজাৰ দাবীৰে পত্ৰ প্ৰেৰণ কৰিছিল।

Exit mobile version