ক’ভিডে কাল অমানিশা নমাইছে ৰাজ্যৰ গো-পালকসকললৈ

উৎপাদিত গাখীৰ বিক্ৰী কৰিব নোৱাৰি বিমোৰত বাগ্‌সাৰ গো-পালক

WhatsApp Image 2021 05 25 at 3.54.57 PM

ৰাজ্যত ক’ভিড নিয়ন্ত্ৰণৰ বাবে চৰকাৰে জাৰি কৰা এছঅ’পিয়ে বিশেষ প্ৰভাৱ পেলাইছে ৰাজ্যৰ গো-পালকসকলক ৷ চৰকাৰৰ নীতি নিয়মৰ বাবে গো-পালকসকলে বিক্ৰী কৰিব পৰা নাই প্ৰতিদিনে উৎপাদিত বৃহৎ পৰিমাণৰ গাখীৰ ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাগ্‌সাৰ শালবাৰী মহকুমাৰ খাৰিজা বিজনীতো গাখীৰ বিক্ৰী কৰিব নোৱাৰি বিমোৰত পৰিছে গো-পালকসকল ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বৃহত্তৰ খাৰিজা বিজনী অঞ্চলত আছে বহুকেইখন গৰু আৰু ম’হৰ খুঁটি ৷ য’ত প্ৰতিদিনে উৎপাদন হয় শ শ লিটাৰ গাখীৰ ৷

ৰাজ্যত পুৱা ১১ বজাৰ পাছত সকলো বজাৰ সমাৰ বন্ধ হৈ পৰাৰ বাবে বৃহৎ পৰিমাণৰ গাখীৰ বিক্ৰী কৰিব পৰা নাই ৷ উল্লেখ্য যে খাৰিজা বিজনী, লাৱদাংগুৰি, কাহিতামাকে ধৰি বৃহত্তৰ অঞ্চলটোত উৎপাদিত বৃহৎ পৰিমাণৰ গৰু আৰু ম’হৰ গাখীৰ বাণিজ্যিক কাৰণত কাষৰীয়া বৰপেটা ৰোড, হাউলী, সৰভোগকে ধৰি বিভিন্ন অঞ্চললৈ ৰপ্তানি হয় যদিও চৰকাৰী এছঅ’পিৰ বাবে এই ৰপ্তানিৰ হাৰ বহু পৰিমাণে কমি যোৱা বুলি গো-পালকসকলে জানিবলৈ দিয়ে ৷

গো-পালনকে মূল জীৱিকা হিচাপে লৈ পৰিয়াল পোহপাল দিয়া লোকসকলে এই ক্ষেত্ৰত চৰকাৰৰ সহায় সহযোগিতা আশা কৰিছে ৷

Exit mobile version