বকোত অবাধে চলিছে বনাঞ্চল ধ্বংসযজ্ঞ

অপৈণত শাল কাটি সৰবৰাহ কৰা হৈছে চৰাঞ্চললৈ

একালত প্ৰাকৃতিকভাৱে অক্সিজেনৰ হাব হিচাপে পৰিচিত বকোৰ বনাঞ্চল বৰ্তমান মৰুভূমি সদৃশত পৰিণত হৈছে । অপৈণত মূল্যবান শাল, চেগুনৰ গছ কাটি তহিলং কৰিছে চোৰাং ব্যৱসায়ী সকলে। এনে দুষ্কাৰ্য প্ৰতিৰোধৰ বাবে ৰাইজে খৱৰ দিলেও কোনো ব্যৱস্থা গ্ৰহণ নকৰে বন বিভাগে । নিৰুপায় ৰাইজে খৱৰ দিয়ে সাংবাদিকক।

আনহাতে, বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক প্ৰাণে মাৰাৰ ভাবুকি চোৰাং কাঠ বেপাৰীসকলৰ । বকোস্থ শিংৰা বনাঞ্চলিক বিষয়া কাৰ্যলয়ৰ অন্তগৰ্ত ৰাজাপাৰা, মোজাইবাৰীৰ আৰু গোহালকোনা গাঁৱৰ বিভিন্ন অঞ্চলত মজুত কৰি ৰখা আছিল শশ গছৰ কুণ্ডা ।

বকোৰ এগৰাকী সতীৰ্থ সাংবাদিক কুলেন্দু কলিতাই সেই স্থানত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত সাংবাদিক গৰাকীক প্ৰাণে মাৰিবলৈ উদ্ধত হয় চোৰাং কাঠ বেপাৰীসকলে । বনধ্বংসকাৰীয়ে মূল্যৱান গছ গছনি বোৰ কাটি পথৰ দাঁতিৰ লগতে পথাৰত পেলাই থোৱা টুকুৰাবোৰ ফটো তুলি সাংবাদিক কুলেন্দু কলিতাই উভতি অহা অৱস্থাত বন ধ্বংসকাৰী এগৰাকীয়ে প্ৰথমতে মটৰ চাইকেলেৰে খেদি আহে ।

পৰিস্থিতিৰ অৱনতিৰ কথা চিন্তা কৰিয়ে সাংবাদিক কুলেন্দু কলিতাই সেই স্থান ত্যাগ কৰি কিছুদূৰ আগুৱাই অহাত এচাম বন ধ্বংসকাৰীয়ে সাংবাদিকগৰাকীক চাৰিওফালৰ পৰা আগুৰি ধৰি জাঠি-জোং , দা আদি জোকাৰি জোকাৰি আক্ৰমণ কৰিবলৈ উদ্যত হয় । উপায়হীন হৈ সাংবাদিক কুলেন্দু কলিতাই নিজৰ প্ৰাণ বচাই সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হয় ।

সাংবাদিকগৰাকীয়ে ঘটনা সন্দৰ্ভত বকো থানাত অভিযোগ কৰিছে । একেদৰে বনবিভাগৰ ওচৰতো বকোৰ জোঙাখুলি ৰাজাপাৰা অঞ্চলত বন ধ্বংসকাৰীয়ে মূল্যৱান গছৰ টুকুৰা কাটি দমাই থোৱাৰ বিষয়ে জনোৱাৰ পাছতো বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে সেই স্থানত উপস্থিত নোহোৱাৰ অভিযোগ কৰিছে ।

ঘটনা সন্দৰ্ভত সাংবাদিক গৰাকীয়ে জিলা উপায়ুক্ত আৰু বনমন্ত্ৰীক টুইট কৰি জনাইছে । আনহাতে বন ধ্বংসকাৰীয়ে পশ্চিম কামৰূপ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ বিভিন্ন বনাঞ্চলত মূল্যৱান গছ-গছনি কাটি ধ্বংস কৰা কাৰ্য বন্ধ কৰিবলৈ দাবী জনোৱাৰ উপৰিও সাংবাদিক কুলেন্দু কলিতাক আক্ৰমণৰ দৰে ঘটনাত তীব্ৰ গৰিহণা দি ঘটনাৰ স’তে জড়িত দোষীক চিনাক্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন সমাজ-সংগঠনে আৰক্ষী-প্ৰশাসনৰ ওচৰত দাবী জনাইছে ।

উল্লেখ্য যে, ক’ৰনা মহামাৰীৰ সময়ত অধিক চৰ্চিত বিষয় অক্সিজেন, অক্সিজেনৰ নাটনি।কিন্তু প্ৰাকৃতিক অক্সিজেনৰ হাব ক্ৰমাত পৰিণত হৈছে মৰুভূমিলৈ। বন বিষয়াৰে মিতিৰালি পাতি দিনে-নিশাই চোৰাং ব্যৱসায়ীয়ে সৰবৰাহ কৰিছে শাল-চেগুন । এক কথাত বকোত অস্তিত্বহীন বন বিভাগ । অপৈনত শাল, চেগুন কাটি সৰবৰাহ কৰা হৈছে বিশেষকৈ চৰাঞ্চললৈ। বকোৰ বনাঞ্চলত বন ধ্বংস দৃশ্য তেনেই সুলভ। আনকি পথৰ দাঁতিত পৰি থাকে চোৰাং ব্যৱসায়ীয়ে মজুত কৰি ৰখা মূল্যৱান গছৰ কুণ্ডা।

এই সন্দৰ্ভত বন বিভাগক খৱৰ দিলেও গ্ৰহণ নকৰে বিহিত ব্যৱস্থা। আনকি চোৰাং কাঠ বেপাৰীসকলে চোৰাং কাঠ সৰবৰাহৰ ক্ষেত্ৰত বকোৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন তিনিআলি অথবা চাৰিআলিবোৰত এটা নিশাৰ বাবদ পাঁচশ টকীয়া বাৰ্তাবাহক (informer) ৰাখে । মুঠতে বকোৰ সেউজভূমি সম্প্ৰতি চোৰাং কাঠ বেপাৰীৰ কব্জাত। এই কুণ্ডাবোৰ অৱশেষত সংবাদকৰ্মীৰ তৎপৰতাত জব্দ কৰিবলৈ বাধ্য হয় বন বিভাগে ।

Exit mobile version