মানৱ শৰীৰত আৰম্ভ হৈছে বুষ্টাৰ প্ৰতিষেধকৰ পৰীক্ষামূলক প্ৰয়োগ

iStok insta photos 696x392 1

প্ৰতিষেধকৰ বিষয়ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে । ভাৰত বায়’টেকে প্ৰস্তুত কৰা প্ৰতিষেধক ক’ভেক্সিনৰ দুটা ড’জৰ পাছত পুনৰ বুষ্টাৰ ড’জ মানৱ শৰীৰত পৰীক্ষামূলক প্ৰয়োগ কৰাৰ অনুমতি দিলে কেন্দ্ৰ‌ই । এই বিষয়ত আজি সকৰাত্মক সংকেত দিছে ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই । প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলৰ কৰ’নাৰ বিৰুদ্ধে অধিক সুৰক্ষা প্ৰদান কৰিবৰ বাবে এই পৰীক্ষামূলক প্ৰয়োগত অনুমোদন দিয়া হৈছে ।

দেশজুৰি প্ৰতিষেধকৰ নাটনিয়ে দেখা দিছে । প্ৰতিষেধকৰ অভাৱত বহু ৰাজ্যত টিকাকৰণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মিছে । সেয়ে ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলৰ টিকাকৰণৰ নাম নথিভুক্তকৰণৰ নীতিত পৰিৱৰ্তন আনিলে কেন্দ্ৰ‌ই । এতিয়াৰে পৰা ক’উইন বা আৰোগ্য সেতু মোবাইল এপত নাম নথিভুক্ত কৰাৰ লগতে চৰকাৰী টিকাকৰণ কেন্দ্ৰত গৈও প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব । প্ৰতিষেধকৰ অপচয় ৰোধ কৰিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।

বিগত এক মে’ৰ পৰা আৰম্ভ হৈছে ১৮-৪৪ বছৰ বয়সৰ লোকসকলৰ টিকাকৰণ অভিযান । আগৰ পৰা নাম নথিভুক্ত কৰি ৰখাৰ পূৰ্বৰ নিয়মত কোনো সাল-সলনি অনা নাই । নতুন নিয়ম অনুসৰি কোনো লোকে চৰকাৰী টিকাকেন্দ্ৰত গৈও প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ।

কেন্দ্ৰ‌ই জনায়, বিগত তিনি সপ্তাহত বহু টিকাকৰণ কেন্দ্ৰত দেখা গৈছে, নাম নথিভুক্ত কৰি বহু লোকে শেষ পৰ্যায়ত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ নাযায় । ফলত প্ৰতিষেধকৰ অপচয় হয় । তেনে ক্ষেত্ৰত কোনো ব্যক্তিয়ে প্ৰত্যক্ষভাৱে চৰকাৰী টিকাকেন্দ্ৰত গৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আবেদন জনাব পাৰিব । তেতিয়া অনুপস্থিত ব্যক্তিৰ প্ৰতিষেধক ব্বৱহাৰ কৰিব পৰা যাব ।

নতুন নিৰ্দেশ অনুযায়ী, টিকাকেন্দ্ৰত অব্যৱহৃত প্ৰতিষেধক থাকিলে তাৎক্ষণিকভাৱে নতুন প্ৰতিষেধক প্ৰাপকসকলৰ নাম নথিভুক্ত কৰি প্ৰতিষেধক দিব পাৰিব । অৱশ্যে প্ৰাথমিকভাৱে এই সেৱা চৰকাৰী টিকাকেন্দ্ৰতে উপলব্ধ হ’ব ।

স্বাস্থ্য মন্ত্ৰণালয়ে জনায়, ক’ভেক্সিনৰ পৰীক্ষামূলক প্ৰয়োগত অংশগ্ৰহণকাৰীসকলে প্ৰতিষেধক গ্ৰহণ কৰা ইতিমধ্যে ছমাহ পাৰ হৈ গৈছে । সেইসকলৰ ১৯২ জন স্বেচ্ছাসেৱীৰ (১৮-৫৫ বছৰ) উপৰত দেশৰ ন টা কেন্দ্ৰত বুষ্টাৰ ড’জ দি তাৰ প্ৰভাৱ লক্ষ্য কৰা হ’ব ।

দিল্লীৰ এইমছত আৰম্ভণিৰ পৰাই ক’ভেক্সিনৰ পৰীক্ষামূলক প্ৰয়োগৰ দায়িত্বত সঞ্জয় ৰায় জড়িত হৈ আছে । তেওঁ কয়, ‘বুষ্টাৰ ড’জৰ অৰ্থ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু এধাপ বুষ্টিং বা বৃদ্ধি কৰা । ছয়-আঠ মাহ পাছত বা এবছৰৰ পাছত কোনো ক’ভেক্সিন প্ৰাপকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহিলে, পুনৰ বৃদ্ধি কৰিবৰ বাবে বুষ্টাৰ ড’জ গ্ৰহণ কৰিব পাৰিব । বুষ্টাৰ ড’জে কাম কৰিব‌ও পাৰে বা নকৰিব‌ও পাৰে ।’

তেওঁ লগতে জনায় যে, বুষ্টাৰ ড’জ প্ৰদান কৰিবলগীয়া লোকসকলক ছমাহ পৰ্যৱেক্ষণত ৰখা হ’ব । পৰীক্ষামূলক প্ৰয়োগত ইতিবাচক ফল লাভ কৰিলে বুষ্টাৰ ড’জ প্ৰদান কৰা হ’ব ।

ৰাজ্যসমূহক প্ৰতিষেধক প্ৰস্তুতকাৰীসকলৰ পৰা প্ৰত্যক্ষভাৱে প্ৰতিষেধক ক্ৰয় কৰাৰ অনুমোদন পত্ৰ প্ৰদান কৰিছে কেন্দ্ৰ‌ই । সোমবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাবী জনায় যে, দিল্লী চৰকাৰে প্ৰত্যক্ষভাৱে প্ৰতিষেধক বিক্ৰী কৰাৰ বাবে ফাইজাৰ, মডাৰ্নাই আপত্তি দৰ্শাইছে । তেওঁলোকৰ অভিযোগ, বেচৰকাৰী ঔষধ সংস্থাসমূহে ব্যৱসায়িক স্বাৰ্থৰ বাবে ৰাজ্যসমূহক প্ৰতিষেধক বিক্ৰী কৰিব বিচৰা নাই ।

স্বাস্থ্য মন্ত্ৰণালয়ৰ যুগ্ম সচিব লব আগৰৱালে কয়, ‘কিমান পৰিমাণৰ প্ৰতিষেধক আছে, কিমান সৰবৰাহৰ বাবে সক্ষম, তাৰ ওপৰতেই সংস্থাসমূহৰ সিদ্ধান্ত নিৰ্ভৰ কৰিছে ।’

Exit mobile version