হাতী মানুহৰ সংঘাত, বাগসাৰ লাৱদাংগুৰি পথাৰত বন্যহস্তীৰ উপদ্ৰৱ

কাণসাৰ নাই বনবিভাগৰ

WhatsApp Image 2021 05 25 at 3.55.00 PM

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া তথা বাগসাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত লাৱৰদাংগুৰি পথাৰত যোৱানিশা মানাহৰ পৰা ওলাই অহা এটি বন্যহস্তীয়ে বৃহৎ তাণ্ডৱ চলায় ৷

খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীটোৱে লাৱদাংগুৰি গাঁৱৰ কৃষিভূমিত বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে এটা পৰিয়ালৰ বাসগৃহতো আক্ৰমণ কৰে ৷

অঞ্চলটোৰ কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই বহু অৰ্থৰ বিনিময়ত নদন-বদন কৰি গঢ়ি তোলা ভিন্ন শস্য-পাচলিৰ খেতিডৰাত তাণ্ডৱ চলোৱাত বাৰুকৈয়ে ভাগি পৰে কৃষকসকল ৷

পৰৱৰ্তী সময়ত সোমাবাৰে নিশাই ৰাইজৰ তৎপৰতাত বন্যহস্তীটো মানাহৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় ৷

উল্লেখ্য যে বৃহত্তৰ খাৰিজা বিজনী, লাৱদাংগুৰি অঞ্চলত মানাহৰ বন্যহস্তীৰ উপদ্ৰৱ নিত্য নৈমিত্তিক ঘটনাত পৰিণত যদিও বন্যহস্তীৰ অবাধ বিচৰণ আৰু উপদ্ৰৱ আজি পৰ্য্যন্ত বন বিভাগে ৰোধ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

বনবিভাগৰ ওপৰত ক্ষোভ উজাৰি ভূক্তভেগীয়ে এই সংক্ৰান্তত সংবাদমাধ্যমৰ আগত কয় যে লাৱদাংগুৰিৰ সমীপতে আছে মানাহৰ কাহিতামা বীট অফিচ৷বীট অফিচাৰ ৰাজেন্দ্ৰ নাথ দাসক বাৰম্বাৰ ফোন কৰিলেও তেওঁ ফোন ৰিচিভ নকৰে বা পৰৱৰ্তী সময়তো কোনোধৰণৰ যোগাযোগ নাৰাখে ৷

এনেক্ষেত্ৰত অঞ্চলটোৰ ৰাইজ ভয়াৰ্ত হৈ বন্যহস্তীৰ আক্ৰমণৰ পৰা বাচি থাকিবলৈ বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে ৷

Exit mobile version