এল’পেথি মন্তব্যৰ বাবে ৰামদেৱৰ বিৰুদ্ধে এহেজাৰ কোটি টকাৰ মানহানিৰ গোচৰ আইএম‌এ-ৰ

1597633249 5479

অতিমাৰী পৰিস্থিতিত এল’পেথি ঔষধক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে বাবা ৰামদেৱৰ বিৰুদ্ধে এহেজাৰ কোটি টকাৰ মানহানিৰ গোচৰ দাখিল কৰে ইণ্ডিয়ান মেডিকেল এছোছিয়েছন (আইএম‌এ)ৰ উত্তৰাখণ্ড শাখাই । যোগগুৰুলৈ প্ৰেৰণ কৰা জাননীত আইএম‌এ জনায়, তেওঁ ভিডিঅ’ বাৰ্তাযোগে এল’পেথি ঔষধক লৈ নিজৰ বিবৃতি সলনি কৰিব লাগিব আৰু ক্ষমা বিচাৰিব লাগিব ।

ইয়াৰ বাবে তেওঁক ১৫ দিনৰ সময় দিয়া হৈছে । ৰামদেৱে ক্ষমা নিবিচাৰিলে এহেজাৰ কোটি টকা দাবী জনোৱা হ’ব বুলি জনায় ইণ্টাৰনেছনেল মনিটেৰী ফাণ্ড (আইএম‌এফ)এ ।

লগতে, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱতকো ৰামদেৱৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনাইছে আইএম‌এ । সম্প্ৰতি এক ভিডিঅ’ত ৰামদেৱে কয়, ‘চিকিৎসা বা অক্সিজেন নাপায় যিমান মানুহ মৰিছে তাতোকৈ বেছি মানুহ এল’পেথি ঔষধ‌‌‌ খাই মৰিছে । এল’পেথি এটা দেউলীয়া হৈ যোৱা বিজ্ঞান ।’ এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে সমালোচনাৰ আৰম্ভ হয় ।

ৰামদেৱক উদ্দেশ্যি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে কয়, ‘আপোনাৰ মন্তব্যত দেশবাসী আহত হৈছে । আপোনাক ফোনত এই কথা জনাইছো । চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকল দেশবাসীৰ বাবে ভগৱানৰ দৰে । তেওঁলোকে প্ৰাণ ৰক্ষা কৰিবৰ বাবে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিছে ।’

Exit mobile version