ক’ভিডত অনাথ হোৱা ৫৭৭ টি শিশুৰ দায়িত্ব ল’লে কেন্দ্ৰই

ক’ভিডত পিতৃ-মাতৃ দুয়োকে হেৰুওৱা ৫৭৭ টি অনাথ শিশুৰ দায়িত্ব ল’লে কেন্দ্ৰই । মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয়ে শেহতীয়া সংকটৰ সময়ত এই শিশুসকলৰ কাষত থিয় দিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

তথ্য অনুসৰি, মন্ত্ৰণালয়ে এই শিশুসকলৰ স’তে নিৰন্তৰ যোগাযোগ কৰি আছে । কাৰ্যসূচীটো সঠিকভাৱে ৰূপায়ণ কৰিবলৈ প্ৰতিখন জিলাত ১০ লাখ টকা আৱণ্টন কৰা হৈছে ।

উল্লেখ্য যে, পিতৃ-মাতৃক হেৰুওৱা এইসমূহ শিশু পৰিয়ালৰ কোনো সদস্যৰ স’তে আছে । তেওঁলোকক তাত সঠিকভাৱে চোৱাচিতা কৰা হৈছে । কেন্দ্ৰই তেওঁলোকক তেওঁলোকৰ বংশৰ সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰিব নিবিচাৰে । মন্ত্ৰণালয়ে নিশ্চিত কৰিব যে তেওঁলোক যাতে কোনো সুবিধাৰ পৰা বঞ্চিত নহয় ।

মন্ত্ৰণালয়ে বিদেশত হিংসাৰ দ্বাৰা ক্ষতিগ্ৰস্ত মহিলাসকলক সহায় কৰিবলৈ এটা ষ্টপ চেণ্টাৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে । বৈদেশিক মন্ত্ৰণালয়ৰ সহযোগত বাহৰেইন, কুৱেইট, ওমান, কাটাৰ, ইউ.এ.ই., চৌদি আৰৱ, অষ্ট্ৰেলিয়া, কানাডা আৰু ছিংগাপুৰত এই কেন্দ্ৰসমূহ স্থাপন কৰা হ’ব । কেন্দ্ৰসমূহত সংকটত দিন কটোৱা ভাৰতীয় মহিলাসকলক আইনী সহায়, চিকিৎসা আৰু সঠিক পৰামৰ্শ দিয়া হ’ব ।

Exit mobile version