চীনত জনপ্রিয় হৈছে ‘হােৱাইট মাংকি জব’

গাৰ ৰং বগা হ'লেই লাভ কৰে অদ্ভুত চাকৰি

3fd30077de4b739deb6323b36b44896f

বগা ছালৰ মানুহ দেখিলে বহু ভাৰতীয়ৰে মনত এক বিশেষ কৌতূহল জন্মে। তেওঁলােকৰ মন্তব্যত মনত ভৰসা জাগে । তেওঁলােকে দিয়া প্রতিশ্রুতিবােৰ বিশ্বাস কৰিবৱৈ মন যায়। অৱশ্যে এই ধাৰণা কেৱল ভাৰতীয় লােকৰে নাই, বৰঞ্চ চীনা লােকসকলৰাে আছে।

এই ধাৰণা চীনা লােকৰ মাজত ইমানেই বেছি যে ইয়াৰ বাবে চীনত বগা ছালৰ মানুহৰ বাবে পৃথক উপার্জনৰ ব্যৱস্থাও গঢ়ি উঠিছে। এই উপার্জনৰ পথকে প্রধানকৈ ব্যংগৰূপত কোৱা হয় ‘হােৱাইট মাংকি জব’।

বগা ছালৰ বিদেশীসকলক চীনত ‘হােৱাইট মাংকি’ অর্থাৎ বগা বান্দৰৰ স’তে তুলনা কৰা হয়। মানুহৰ পােহ মনা বান্দৰে যিদৰে গৰাকীৰ আঙুলিৰ ইংগিত নাচ-বাগ কৰে, ‘হােৱাইট মাংকি জব’ৰ ক্ষেত্ৰতাে সেয়াই হয়।

অর্থাৎ চাকৰিদাতাৰ হাতৰ ইংগিতত সকলােবােৰ কাম কৰি যায় বগা ছালৰ বিদেশী লােকে। অদ্ভুত নামৰ এই চাকৰিত নিয়ােজিত হােৱা শ্বেতাংগ বিদেশীৰ কামাে আচহুৱা।

তেওঁলােকৰ চাকৰিৰ কাম হৈছে কেতিয়াবা কোনাে পার্টিলৈ যােৱা, কেতিয়াবা কোনাে উদ্বোধনী অনুষ্ঠানৰ ফিটা কটা, কেতিয়াবা চীনা খাদ্য খাই প্রশংসা কৰা বা চীনা ভাষা নুবুজা সত্ত্বেও কোনাে চীনা ব্যৱসায়ীৰ স’তে গুৰুত্বপূর্ণ আলােচনাত ব্যৱসায়ীজনৰ প্ৰতিটো কথাত মূল লৰাই সন্মতি জনােৱা আদি।

এই ধৰণৰ কাম চীনত সততে দেখা যায়। ইয়াৰ বাবে শকত অংকৰ ধনৰ লগতে প্ৰচুৰ লােভনীয় উপহাৰােহ লাভ কৰে বগা বান্দৰ চাকৰিত নিয়ােজিতসকলে। এই ‘বগা বান্দৰ চাকৰিৰ এক বিশেষ উদ্দেশ্য আছে।

বিদেশীসকলে চীনা সামগ্রীত ভৰসা কৰিছে, চীনৰ কোনাে প্রকল্পত শিলান্যাস কৰিছে। আদি বার্তা জনমানসলৈ গ’লে সেই বস্তু বা প্রকল্পৰ প্রতি চীনা লােকসকলৰ সমান্তৰালকৈ সমগ্র বিশ্বৰে মানুহৰ মনত বিশ্বাসৰ জন্ম হয়।

ফলত চীনৰ শ্বেয়াৰ বজাৰ ৰেখাচিত্ৰডাল ঊর্ধ্বমুখী হৈ থাকে। চীনাসকলৰ ব্যৱসায়ত তুলনামূলকভাৱে অনেক লাভ হয়। সেই কাৰণেই মিথ্যাৰ আশ্ৰয় লৈ চীনত সেই কাম কৰা হয়। এই কাম লাভৰ বাবে কোনাে ডিগ্রী বা কোনাে বিষয়ত বিশেষ জ্ঞানৰাে প্রয়ােজন নাই।

কেৱল শ্বেতাংশ বিদেশী হ’লেই হ’ল। অৱশ্যে এয়া যিহেতু কোনাে স্বীকৃত চাকৰি নহয়, সেয়ে প্রতাৰিত হােৱাৰ আশংকাও যথেষ্ট। এই ক্ষেত্ৰত কামৰ কোনাে অভিজ্ঞতাৰ প্রমাণ পত্রও দিয়া নহয়। এই ‘চাকৰিত কোনাে নির্দিষ্ট উপার্জনাে নাই।

কোনাে কামৰ বাবে যাক ভাড়া কৰা হৈছে, তেওঁৰ স’তে নিয়ােগকর্তাৰ মাজত পাৰিশ্ৰমিকৰ সন্দৰ্ভত এক মৌখিক চুক্তি হয়। সেই চুক্তি অনুসৰিয়ে পাৰিশ্রমিক লাভ কৰে। এই কামত নিয়ােজিত লােকসকলৰ মতে, তেওঁলােকৰ ন্যূনতম উপার্জন এশ ডলাৰ বা ভাৰতীয় মুদ্রাত সাত হেজাৰ ২৮৫ চকা।

এবাৰ নিয়ােজিত হােৱাৰ পাছত এজন শ্বেতাংগ তেওঁৰ নিয়ােগকর্তাৰ বাবে কিমান গুৰুত্বপূর্ণ হ’ব পাৰিছে, তাৰ ভিত্তিতে পৰৱর্তী সময়ত উপার্জন উঠা-নমা হয়। প্রধানকৈ চীনত বসবাস কৰা নিবনুৱা শ্বেতাংগ যুৱক-যুৱতীকে এই কামত নিয়ােজিত কৰা হয়।

Exit mobile version