জিএমচিএইচ-ত চিকিৎসাধীন গোসাঁইগাঁৱৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ দেহাৱসান

WhatsApp Image 2021 05 26 at 11.06.33 AM

বিপিএফৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি তথা ২৮ নং গোসাঁইগাঁও সমষ্টিত একেৰাহে চতুৰ্থ বাৰলৈ নিৰ্বাচিত হোৱা বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ আজি ক’ভিড আক্ৰান্ত হৈ বিয়োগ ঘটে ৷

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা ৬৮ বছৰীয়া বিধায়কজনে পুৱা ৫-৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

কিছু দিন পূৰ্বে তেওঁ ক’ভিডত আক্ৰান্ত হৈ পোনতে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত আৰু তাৰ পাছত ছিএমচিএইচ-ত চিকিৎসাধীন হৈ আছিল ৷ কিন্তু চিকিৎসাধীন অৱস্থাৰ পৰা সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসকে কালি চিকিৎসালয়ৰ পৰা তেওঁক বিদায় দিছিল ৷

আজি অকস্মাৎ তেওঁৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটাত তেওঁক ততাতয়াকৈ জিএমচিএইচ-ত পুনৰ ভৰ্তি কৰা হৈছিল আৰু তেওঁৰ মগজুৰ ৰক্তক্ষৰণ হোৱা বুলি চিকিৎসকে জনাইছিল ।

তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ইউপিপিএলৰ মুখ্য প্ৰমোদ বড়ো, বিপিএফৰ মুখ্য হাগ্ৰামা মহিলাৰী, ৰাজ্যসভাৰ সাংসদ ৰিপোন বৰাই গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

বিশিষ্ট বিধায়কজনৰ বিয়োগে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে ।

https://m.facebook.com/story.php?story_fbid=313469800274919&id=105642244391010&sfnsn=wiwspmo

https://m.facebook.com/story.php?story_fbid=3840096416215844&id=100006465708263&sfnsn=wiwspmo

 

 

 

 

 

Exit mobile version