শালবাৰীৰ ৰূপহীৰ অৱসৰী শিক্ষক বাহুৰাম বসুমতাৰীৰ মৃত্যু

দল-সংগঠন, ব্যক্তি বিশেষৰ শোক প্ৰকাশ

WhatsApp Image 2021 05 26 at 6.19.50 PM

শালবাৰীৰ ৰূপহী এম ই স্কুলৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক তথা হাঁহচৰা গাঁৱৰ বিশিষ্ট সমাজকৰ্মী বাহুৰাম বসুমতাৰীৰ যোৱা নিশা ১-৩০ বজাত নিজ বাসভৱনত মৃত্যু হয়।

তথ্য অনুসৰি অৱসৰী শিক্ষক গৰাকীয়ে দীৰ্ঘদিন ধৰি যক্ষ্মা আৰু থাইৰ’য়ড ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।তেওঁ চিকিৎসকৰ পৰামৰ্শ মতে ঘৰতে ঔষধ পাতি সেৱন কৰি আছিল যদিও দিনক দিনে স্বাস্থ্যৰ অৱনতি হৈ যোৱা নিশা মৃত্যু হয় ৷

সামাজিক কামত আগৰণুৱা বাহুৰাম বসুমতাৰীৰ মৃত্যুত আজি শালবাৰী ৰূপহী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে ৷ তেওঁ ৰূপহী,শালবাৰী অঞ্চলৰ বিভিন্ন অনুস্থান প্ৰতিস্থান প্ৰতিস্থাৰ ক্ষেত্ৰত আগভাগ লৈছিল ।

শালবাৰী মহাবিদ্যালয়, ৰূপহী হাইস্কুল, ৰূপহী এম ই স্কুল ৰূপহী জুনিয়ৰ কলেজ, ৰূপহী বজাৰকে ধৰি একাধিক অনুস্থান প্ৰতিষ্ঠানত বিশেষ ভূমিকা লৈছিল। ৰূপহী (উত্তৰ বিজনী) বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বসুমতাৰীয়ে ৰূপহী আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ উপদেষ্টা হোৱাৰ লগতে বিভিন্ন সামাজিক সংগঠনৰ লগত জড়িত আছিল ।

এই গৰাকী সমাজ কৰ্মীৰ মৃত্যুত ৰূপহী জুনিয়ৰ কলেজৰ পৰিচালনা সমিতিৰ সভাপতি শৰৎ স্বৰ্গীয়াৰী, বিপিএফৰ শালবাৰী জিলা আৰু বৰপেটা জিলা কমিটী, ৰূপহী বজাৰ কমিটী, ৰূপহী উন্নয়ণ কমিটী, এবছুৰ ৰূপহী, শালবাৰী আঞ্চলিক কমিটী, শালবাৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ জয় মুছাহাৰীকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনে শোক প্রকাশ কৰে ।

উল্লেখযোগ্য যে বাহুৰাম বসুমতাৰীয়ে ২০১৪ চনৰ ৩০ চেপ্তেম্বৰত ৰূপহী এম ই স্কুলৰ প্ৰধান শিক্ষক পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ । বাগ্‌সা জিলাৰ শালবাৰীৰ ৰূপহী হাঁহচৰা গাওঁত জন্ম গ্ৰহণ কৰা বসুমতাৰীয়ে মৃত্যুৰ সময়ত পত্নীৰ স’তে দুগৰাকী পুত্ৰ, এগৰাকী জীয়ৰী, এগৰাকী পুত্ৰ বোৱাৰী, এগৰাকী নাতিয়েকৰ লগতে ভালে সংখ্যক আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷

Exit mobile version