শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান

অভিযানত আটক ড্ৰাগ্‌ছসহ ব্যৱসায়ৰ স'তে জড়িত তিনি যুৱক

ৰাজ্যজুৰি অসম আৰক্ষী আৰু প্ৰশাসনৰ লোকে সম্প্ৰতি নিষিদ্ধ ঘোষিত ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নিৰ্দেশমৰ্মেই জিলাই জিলাই এইক্ষেত্ৰত সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন ৷

বাগসা জিলাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত সমগ্ৰ শালবাৰী মহকুমাতেই জোৰদাৰ কৰি তোলা হৈছে ড্ৰাগ্‌ছ বিৰোধী অভিযান ৷ অভিযানত বিগত দুটা দিনত তিনিজনকৈ যুৱকক আটক কৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নিষিদ্ধ ঘোষিত ড্ৰাগছসহ বহু আপত্তিজনক সামগ্ৰী ৷

শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই আজি সংবাদ মাধ্যমৰ আগত কয় যে নিষিদ্ধ ঘোষিত ড্ৰাগ্‌ছৰ ব্যৱসায়ত জড়িত মহকুমাটোৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত পোৰাভৰালৰ পৰা যোৱা ২৪ মে’ত আবুল হুছেইন(২৩) নামৰ এজন যুৱকক আটক কৰাৰ লগতে যুৱকজনৰ পৰা ৭.৬৬ গ্ৰাম ব্ৰাউন চুগাৰ, লাইটাৰ, এপেকেট এলুমিনিয়াম,তৰ্জু, নগদ ১৪হেজাৰ ১৬০ টকা, ২০০ খালী কনটেইনাৰ, এএছ ১৫ এম ৮৮৭৪ নম্বৰৰ এখন বাইক,মোবাইল ফোনসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয় ৷

যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত মঙলবাৰে নিশা একে গাঁৱৰে ড্ৰাগ্‌ছৰ ব্যৱসায়ত জড়িত বিল্লাল হুছেইন(২৪) আৰু মোহম্মদ আলী(২২) নামৰ আন দুই যুৱককো গোপন অভিযান চলাই আটক কৰা হয়৷

ধৃত যুৱকদ্বয়ৰ পৰা ৮.২৬ গ্ৰাম ব্ৰাউন চুগাৰসহ ৩০ টা কনটেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত তথা গোৱৰ্ধনা থানাৰ আৰক্ষী বিষয়া আৰু শিমলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত ড্ৰাগ্‌ছ ব্যৱসায়ৰ স’তে জড়িত যুৱক তিনিজনক আটক কৰি ইতিমধ্যে আজি মুছলপুৰ আদালতলৈ প্ৰেৰণ কৰা হৈছে ৷

ইপিনে শালবাৰী মহকুমাত ড্ৰাগ্‌ছৰ ঘাটি বা ব্যৱসায় যিকোনো প্ৰকাৰে উচ্ছেদ কৰা হ’ব বুলি মহকুমা আৰক্ষী বিষয়াজনে সদৰি কৰি এইক্ষেত্ৰত সচেতন সকলো লোককে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷

Exit mobile version