য়াছৰ ক্ষয়-ক্ষতি আৰু অৰ্থ সাহায্য সন্দৰ্ভত কলাইকুণ্ডাত প্ৰধানমন্ত্ৰীৰ স’তে বৈঠক মমতাৰ

80005e7e db11 4ece 8df2 27dd6484c81e

য়াছ ঘূৰ্ণিবতাহৰ পৰৱৰ্তী পৰিস্থিতিৰ পৰ্যৱেক্ষণ কৰিবৰ বাবে পশ্চিমবংগলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । শুকুৰবাৰে পশ্চিম মেদিনীপুৰ জিলাৰ কলাইকুণ্ডাত যোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ । পূৱ উৰিষ্যা আৰু পশ্চিমবংগৰ উপকূলৱৰ্তী অঞ্চলসমূহত ঘূৰ্ণিবতাহৰ প্ৰভাৱ পৰিছিল । সেয়ে এই অঞ্চলসমূহত ব্যাপক ক্ষতি সাধন হয় ।

ইতিমধ্যে সংশ্লিষ্ট ৰাজ্যসমূহৰ চৰকাৰবোৰৰ পৰা এই সন্দৰ্ভত প্ৰাথমিক ৰিপ’ৰ্ট সংগ্ৰহ কৰিছে কেন্দ্ৰই । ইয়াৰ পাছত কলাইকুণ্ডাত মুখ্যমন্ত্ৰীসহ শীৰ্ষ বিষয়াসকলৰ স’তে বৈঠকত মিলিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

সূত্ৰ অনুসৰি, বৈঠকৰ লগতে, মুখ্যমন্ত্ৰীৰ স’তে পূৱ মেদনীপুৰ জিলাৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ । ইতিমধ্যে য়াছ ঘূৰ্ণিবতাহৰ বিৰুদ্ধে যুঁজিবলৈ পশ্চিমবংগক চাৰিশ কোটি টকা সাহায্য দিছে কেন্দ্ৰ‌ই ।

য়াছৰ বিৰুদ্ধে যুঁজত অগ্ৰিম অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাক ছশ কোটিকৈ দিয়া হৈছে । সাহায্যত বণ্টনত প্ৰভেদক লৈ ক্ষোভ প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতি পৰ্যৱেক্ষণ কৰাৰ পাছত পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহায্য বৃদ্ধি কৰা হ’ব বুলি ধাৰণা কৰা হৈছে ।

পূৰ্ব ঘোষিত কাৰ্যসূচী অনুসৰি, শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে হিংগলগঞ্জ, সাগৰ আৰু দিঘাৰ দুৰ্গত অঞ্চলবোৰ পৰিদৰ্শন কৰি প্ৰশাসনিক বৈঠক কৰিব । বুধবাৰে নাবান্নৰ সাংবাদিক সন্মিলনত মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচীৰ কথা জনায় মুখ্য সচিব আলাপান বন্দ্যোপাধ্যায়ে ।

কিন্তু, হঠাৎ প্ৰধানমন্ত্ৰীয়ে ৰাজ্য পৰ্যৱেক্ষণ কৰিবলৈ অহাত কাৰ্যসূচীত সামান্য পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে । পূৰ্ব মেদিনীপুৰ প্ৰশাসনৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ স’তে বৈঠকত মিলিত হোৱাৰ পাছত দিঘাত যাব মুখ্যমন্ত্ৰী । শুকুৰবাৰে নিশা দিঘাৰ প্ৰশাসনিক কৰ্তাসকলৰ স’তে বৈঠক কৰি ক্ষয়-ক্ষতিৰ তথ্য সংগ্ৰহ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । শনিবাৰে পুৱা দিঘাৰ বিপৰ্য্যস্ত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী মমতাই ।

Exit mobile version