অন্ধ্ৰপ্ৰদেশৰ গাঁৱত মাটি খান্দোতেই ওলাল ৩০ কেৰেটৰ হীৰা !

184473 land

খেতি কৰোঁতে ওলাল ৩০ কেৰেটৰ হীৰা । ইয়াকে লৈ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুলৰ চিন্না জোনগিৰিত । স্থানীয় সূত্ৰ অনুসৰি, হীৰাটো এজন ব্যৱসায়ীক এক কোটি ২০ লাখ টকাত বিক্ৰী কৰিছে খেতিয়কজনে ।

সম্প্ৰতি সামাজিক মাধ্যমত বিষয়টোক লৈ সমালোচনা আৰম্ভ হৈছে । সত্যতা নিৰূপণ কৰিবৰ বাবে আৰক্ষীৰ স’তে কথা পাতিছে এক সৰ্ব্বভাৰতীয় সংবাদ মাধ্যমে । কুৰ্নুলৰ আৰক্ষী ছুপাৰে ঘটনাটো সত্য বুলি জনায় । লগতে বিষয়টো সন্দৰ্ভত তদন্ত কৰা হৈছে বুলিও জনায় আৰক্ষী ছুপাৰজনে ।

আৰক্ষীয়ে জনায় যে, ইয়াত মূল্যবান খনিজ লাভ কৰাটো নতুন কথা নহয় । জুনৰ পৰা নৱেম্বৰৰ ভিতৰত কুৰ্নুল জিলাৰ বহু লোকে এই অঞ্চলত মূল্যবান খনিজৰ সন্ধান চলায় । মাটিৰ ওপৰৰ স্তৰ বৰষুণত ধুই জোৱাৰ পাছতে সন্ধানত নামে স্থানীয়সকলে । জোনাগিৰি, তুগালি, পাগিদিৰাই, পেৰাভালি, মহানন্দী আৰু মহাদেৱপুৰমৰ উদং ভূমিত ধাতুৰ সন্ধান চলায় স্থানীয়সকলে ।

এইয়ে প্ৰথম নহয়, ইয়াৰ পূৰ্বে ২০১৯ত হীৰা লাভ কৰিছিল কৃষকে । যাৰ মূল্য আছিল ৬০ লাখ টকা । ২০২০তো দুজন গাঁওবাসীয়ে ভূমিৰ পৰা মূল্যবান ধাতু লাভ কৰিছিল । স্থানীয় সূত্ৰ অনুসৰি, বহুলোকে নিজৰ কাম এৰি হীৰাৰ সন্ধানত এই অঞ্চলত তম্বু তৰি অস্থায়ীভাৱে দিন কটাইছে ।

Exit mobile version