আব্ৰাম শ্বাহৰুখৰ জ্যেষ্ঠ পুত্ৰৰ সন্তান ! কি ক’লে শ্বাহৰুখে ?

dc Cover l31pq8u9ukshkgrdh07jhqhsv4 20171023093907.Medi

তিনি সন্তানৰ স’তে সুখৰ সংসাৰ শ্বাহৰুখ-গৌৰীৰ । কালি এই দম্পতীৰ কনিষ্ঠ সন্তান আব্ৰামৰ আঠ বছৰ পূৰ্ণ হয় । জন্মৰ পৰাই শ্বাহৰুখৰ কনিষ্ঠ পুত্ৰক লৈ সমালোচনাৰ শেষ নাই । আব্ৰামৰ জন্মৰ পাছৰ পৰাই নানান কটাক্ষৰো সন্মুখীন হয় দম্পতীহালে ।

আব্ৰাম শ্বাহৰুখ আৰু গৌৰীৰ বায়’লজিকেল পুত্ৰ নহয়, আৰিয়নৰহে পুত্ৰ এনেধৰণৰ মন্তব্য‌ও কৰে বহুতে । ছাৰ’গেছিৰ সহায়ত তৃতীয় সন্তানৰ পিতৃ-মাতৃ হৈছে শ্বাহৰুখ-গৌৰী । বহু বছৰ চেষ্টা কৰাৰ পাছতো সন্তান সম্ভৱা হ’ব নোৱাৰাত সীমা খান (ছোহেল খানৰ পত্নী)য়ে গৌৰীক আইভিএফ-ৰ জৰিয়তে সন্তান জন্ম দিয়াৰ পৰামৰ্শ দিয়ে ।

২০১৩ৰ মে’ত জন্ম হৈছিল আব্ৰাম । এই ষ্টাৰ কিডৰ জন্মক লৈ সামাজিক মাধ্যমৰ এক বৃহৎ অংশ‌ই দাবী কৰিছিল যে, আৰিয়নে এগৰাকী ৰোমানীয়ান মহিলাৰ স’তে সম্পৰ্ক স্থাপন কৰাৰ ফলত সন্তানটিৰ জন্ম হৈছিল । এই সমালোচনাৰ বিষয়ত ২০১৭ত টেড-টকত মুখ খোলে বাদশ্বাহে ।

টেড-টকত শ্বাহৰুখে কয়, ‘চাৰি বছৰ পূৰ্বে ম‌ই আৰু গৌৰীয়ে আমাৰ তৃতীয় সন্তান জন্ম দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো । কিন্তু সামাজিক মাধ্যমৰ একাংশই দাবী কৰিছে যে, মোৰ জ্যেষ্ঠ পুত্ৰ আৰিয়নৰ শুক্ৰাণুৰ পৰা আব্ৰামৰ জন্ম হৈছে । তেতিয়া আৰিয়নৰ বয়স আছিল ১৫ বছৰ । এটা ভুৱা ভিডিঅ’ দেখা গৈছে । য’ত আৰিয়নে এগৰাকী ৰোমানীয়ান মহিলাৰ কাষত বহি গাড়ী চলাইছে । আমি সপৰিয়ালে এই ঘটনা দেখি আচৰিত হৈছো । সম্প্ৰতি আৰিয়নৰ বয়স ১৯ বছৰ, এইবোৰ দেখি আৰিয়নৰ অৱস্থা ইমানেই বেয়া যে, এতিয়া তেওঁক কোনোবাই হেল্লো ক’লে তেওঁ প্ৰথমে কয়, বিশ্বাস কৰক মোৰ কোনো ইউৰোপীয়ান ড্ৰাইভিং লাইছেন্স নাই ।’

৩৪ সপ্তাহত ছাৰ’গেছিৰ সহায়ত আব্ৰামৰ জন্ম হৈছিল, তেতিয়া আব্ৰামৰ ওজন মাত্ৰ ১.৫ কিলোগ্ৰাম আছিল । সেয়ে এমাহ ধৰি আব্ৰাম হাস্পতালতে আছিল । পুত্ৰৰ জন্মক লৈ আৰম্ভ হোৱা বিতৰ্ক‌ই শ্বাহৰুখ-গৌৰীক আঘাত হানিছে । এই বিষয়ে বহুবাৰ মন্তব্য‌ও কৰিছে শ্বাহৰুখে ।

২০১৪ত এক সাক্ষাৎকাৰত অভিনেতাজনে কৈছিল, ‘মোৰ জীৱিকাত এই কথাটোৱে অতি বিচলিত কৰে । মোৰ জন্মৰ পৰাই অসুস্থ পুত্ৰকলৈও সমালোচনা কৰা হৈছে । এইটো অতি লজ্জাজনক । ম‌ই টিভি ষ্টাৰ মোক লৈ সমালোচনা কৰক । মোৰ সন্তানক লৈ নহয় ।’

Exit mobile version