ধানৰ সলনি বিঘাই বিঘাই ওলাইছে পতান, বিমোৰত বাগ্‌সাৰ খাৰিজা বিজনীৰ কৃষক

কৃষি বিভাগক ক্ষতিপূৰণ আদায়ৰ দাবী

WhatsApp Image 2021 05 28 at 6.43.11 PM 1

উন্নত প্ৰজাতিৰ ধানৰ খেতি কৰি সৰ্বস্বান্ত হ’বলগীয়া হ’ল বাগ্‌সাৰ কৃষক৷বহু কষ্ট আৰু অৰ্থ ব্যয় কৰি বিঘাই বিঘাই উন্নত মানৰ ধানৰ বীজ ৰোপনৰ পাছত ধানৰ সলনি খেতি পথাৰত ওলাইছে পতান৷

ধানৰ গেৰ ধৰাৰ সময়তে ধানৰ সলনি পতান ওলোৱা দৃশ্য পোহৰলৈ অহাত এতিয়া মুৰত সৰগ ভাগি পৰিছে অঞ্চলটোৰ দৰিদ্ৰ কৃষকসকলৰ৷ প্ৰাপ্ত তথ্য অনুসৰি নামনি অসমৰ বৃহৎ ব্যৱসায়িক স্থল বৰপেটা ৰোডৰ বজাৰৰ পৰা দৰিদ্ৰ কৃষকসকলে উন্নত প্ৰজাতিৰ বুলি ক্ৰয় কৰিছিল PAN 816 নামৰ ধানৰ বীজ ৷

সেই বীজেৰে ধানৰ খেতি কৰিছিল বাগ্‌সাৰ খাৰিজা বিজনী অঞ্চলৰ বহু কৃষকে৷ কিন্তু ধানৰ সলনি পতান ওলোৱাত বিবুদ্ধিত পৰে কৃষকসকল ৷

যাৰ বাবে কৃষি বিভাগক এই ক্ষেত্ৰত উচিৎ তদন্ত কৰি ক্ষতিপূৰণ আদায় দিবলৈ আহ্বান জনায় ভূক্তভোগী কৃষকসকলে ৷ এইক্ষেত্ৰত ছাত্ৰ সংগঠন এবিএমছুৰ নেতা ইব্ৰাহীম আলী আৰু ইউপিপিএলৰ নেতা সাহজাহান আলী আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে বৰপেটা ৰোডৰ বহু অসাধু ব্যৱসায়ীয়ে এনেদৰে অকল খাৰিজা বিজনী অঞ্চলৰ কৃষককে নহয় বিভিন্ন অঞ্চলৰ কৃষকক ধানৰ বীজৰ নামত ঠগ প্ৰৱঞ্চনা কৰি আহিছে ৷

এই সকল অসাধু ব্যৱসায়ীয়ে ঠায়ে ঠায়ে এজেণ্ট নিয়োগ কৰি কম দামতে ভাল উৎপাদন হ’ব বুলি পতিয়ন নিয়াই নিৰক্ষৰ কৃষক সকলক প্ৰৱঞ্চনা কৰিলে৷ নেতাদ্বয়ে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক এইক্ষেত্ৰত উচিত তদন্ত কৰি অতিশীঘ্ৰেই ক্ষতিগ্ৰস্ত কৃষকক উচিৎ ক্ষতিপূৰণ দিবলৈ কৃষি বিভাগক দাবী জনোৱাৰ লগতে অসাধু ব্যৱসায়ী সকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি দোকানৰ লাইচেঞ্চ কৰ্তন কৰি গোচৰ ৰুজু কৰি জেল হাজোতলৈ পঠাবলৈ দাবী জনায়৷অন্যথা সংগঠনৰ ফালৰ পৰাই আইনী ব্যৱস্থা হাতত লোৱা হ’ব বুলি হুংকাৰ প্ৰদান কৰে নেতাদ্বয়ে ৷

Exit mobile version