পাঁচ জুলাইত এমেজনৰ মুৰব্বী পদ ত্যাগ কৰিব বেজ’ছে

jeff bezos

বিশ্বৰ দ্বিতীয়গৰাকী ধনাঢ্য ব্যক্তি তথা এমেজনৰ মুখ্য কাৰ্যবাহী বিষয়া-সহ প্রতিষ্ঠাপক জেফ বেজ’ছে ই-বাণিজ্য প্রতিষ্ঠানটোৰ মুৰব্বী বিষয়াৰ পদৰ পৰা অহা পাঁচ জুলাইত অব্যাহতি ল’ব।

যােৱা ফেব্ৰুৱাৰীত বেজ’ছে এমেজনৰ কর্মচাৰীসকললৈ লিখা এক পত্ৰত কোম্পানীটোৰ মুখ্য কার্যবাহী বিষয়াৰ পদ ত্যাগৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিছিল। চলিত বৰ্ষৰ তৃতীয়টো ত্রিমাহিকত বেজ’ছে এমেজনৰ কাৰ্যবাহী অধ্যক্ষ দায়িত্ব গ্রহণ কৰিব।

উল্লেখ্য যে ১৯৯৪ৰ পাঁচ জুলাইত সহ প্রতিষ্ঠাপক হিচাপে বেজ’ছে ই-বাণিজ্য প্রতিষ্ঠান এমেজন প্রতিষ্ঠা কৰিছিল। এমেজনৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদ বেজ’ছে ত্যাগ কৰাৰ পাছত এই পদত নিযুক্তি লাভ কৰিব এণ্ডি জেচীয়ে।

Exit mobile version