মাস্ক পৰিধান নকৰা শ্রমিকক নির্মম শাস্তি উত্তৰ প্ৰদেশ আৰক্ষীৰ

bareilly police

এজন ২৮ বছৰ বয়সীয়া শ্রমিকক মাস্ক পৰিধান নকৰাৰ অভিযােগত গ্রেপ্তাৰ কৰি নির্মম অত্যাচাৰ চলােৱাৰ ঘটনা সংঘটিত হল উত্তৰ প্ৰদেশত ।

উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযােগ অনুসৰি বৰেলী জিলাৰ যােগী নাভাডা অঞ্চলত ৰঞ্জিত নামৰ এজন যুৱকক অলপতে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল ।

যুৱকজনে মাস্ক পৰিধান নকৰা হেতুকে আৰক্ষীয়ে তেওঁক জিম্মাত লৈছিল । কিন্তু থানাত আৰক্ষীয়ে যুৱকজনৰ হাত আৰু ভৰিত আঘাত হানি অত্যাচাৰ চলায়।

আৰক্ষীয়ে অৱশ্যে এই অভিযােগ অস্বীকাৰ কৰি কয় যে, অভিযুক্তই মাতাল অৱস্থাত পথত মাস্ক অবিহনে ঘূৰি ফুৰিছিল আৰু আৰক্ষীয়ে আটক কৰিবলৈ যােৱাত তেওঁ আৰক্ষীক ঢকা মাৰি পলাবলৈ অপচেষ্টা চলাইছিল।

পাছত মঙলবাৰে আৰক্ষীয়ে বাসগৃহৰ পৰা ৰঞ্জিতক গ্রেপ্তাৰ কৰিছিল। সম্প্রতি ৰঞ্জিত চিকিৎসাধীন হৈ আছে।

Exit mobile version