মেহুল চোক্সিক এতিয়াই প্ৰত্যাৰ্পন কৰা সম্ভৱ নহয়, জনালে ড’মিনিকাই

choksi

পিএনবি প্ৰতাৰণাত অভিযুক্ত মেহুল চোক্সিক এতিয়াই প্ৰত্যাৰ্পন কৰা সম্ভৱ নহয় বুলি জনালে ড’মিনিকাৰ ন্যায়ালয়ে । তেওঁক আইনৰ সহায় লোৱাৰো অনুমতি দিয়া হৈছে । ফলত মেহুলৰ প্ৰত্যাৰ্পনৰ বিষয়টোক লৈ পৰিস্থিতি অধিক জটিল হোৱা বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে ।

যোৱা ২৩ মে’ত এণ্টিগাৰ পৰা হঠাৎ নিৰোদ্দেশ হয় মেহুল । তেওঁৰ সন্ধান ওলিয়াই আছিল এণ্টিগা প্ৰশাসনে । ইণ্টাৰপোলৰ সহায়ো বিচৰা হৈছিল । মেহুলক কিউবাত পলায়ন কৰা বুলি সন্দেহ কৰা হৈছিল । কিন্তু তেওঁক বুধবাৰে ড’মিনিকাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

এণ্টিগা চৰকাৰে মেহুলক ভাৰতক গোটাই দিয়াৰ কথা কয় ড’মিনিকাক । বিষয়টো ড’মিনিকা ন্যায়ালয়ত উত্থাপন হয় । ন্যায়ালয়ত মেহুলৰ অধিবক্তাই কয় যে, তেওঁৰ মক্কেল ভাৰতীয় নাগৰিক নহয়, সেয়ে তেওঁক ভাৰতক গোটাই দিয়া নহ’ব ।

বিষয়টো ন্যায়ালয়ৰ অধীনস্থ হোৱাৰ পাছত হস্তান্তৰৰ প্ৰক্ৰিয়া আৰু মন্থৰ হ’ল বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে । শুকুৰবাৰে মেহুলক ন্যায়ালয়ত অনা হ’ব । সম্প্ৰতি ন্যায়ালয়ৰ ৰায়ৰ অপেক্ষাত ভাৰত । সূত্ৰ অনুসৰি, কূটনৈতিক স্তৰত আলোচনা কৰি শীঘ্ৰে মেহুলক ভাৰতলৈ অনাৰ চেষ্টা কৰা হৈছে ।

মেহুলক ভাৰতলৈ উভতাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে প্ৰতাৰণা কাণ্ডত জড়িত পলাতক ললিত মোদী, নিৰৱ মোদী, বিজয় মালিয়াৰ বিষয়ত কি হ’ব, তাক লৈও চৰ্চা আৰম্ভ হৈছে মহলত । বিচিচিআই-ৰ ৭৫৩ কোটি টকা প্ৰতাৰণাৰ অভিযোগ আছে ললিতৰ বিৰুদ্ধে । ২০১০ ত দেশ ত্যাগ কৰি পলায়ন কৰে ললিতে ।

শেষ খবৰ অনুযায়ী, তেওঁক লণ্ডনত বসবাস কৰা পৰিলক্ষিত হৈছিল । পিএনবি প্ৰতাৰণা গোচৰত অভিযুক্ত নীৰৱ সম্প্ৰতি লণ্ডনৰ কাৰাগাৰত । ন হেজাৰ কোটি টকাৰ বেংক প্ৰতাৰণাৰ আন এজন অভিযুক্ত বিজয়ো সম্প্ৰতি ব্ৰিটেইনত । তেওঁক প্ৰত্যাৰ্পনৰ আইনী প্ৰক্ৰিয়া চলি আছে ।

২০২০ৰ ফেব্ৰুৱাৰীত চৰকাৰে জনাইছিল, ৭২ জন পলাতকক দেশত উভতাই অনাৰ চেষ্টা চলি আছে । কিন্তু ২০১৯ৰ এক আৰটিআই-ৰ প্ৰতিবেদন অনুসৰি, ২০১৫ৰ ভিতৰত মাত্ৰ দুজন পলাতকক ভাৰতলৈ উভতাই অনা হৈছে ।

Exit mobile version