লক্ষ লক্ষৰ প্ৰাণ ল’বলৈ এইবাৰ সাজু ‘ছুপাৰবাগ’

আন্দামানত সন্ধান পোৱা গৈছে এক মাৰাত্মক ভেঁকুৰৰ

deadly hospital superbug 14 0

কৰ’না ভাইৰাছৰ তাণ্ডৱত ইতিমধ্যেইবিশ্বত লক্ষ লক্ষ লোকে প্ৰাণ হেৰুৱাইছে । তথাপি ইয়াৰ প্ৰকোপ সামান্যতমো হ্ৰাস হোৱা নাই । দৈনিক আক্ৰান্ত হৈ আছে কে’বা লক্ষাধিক লোক । ইয়াৰ মাজতে নতুন সন্ত্ৰাসী সৃষ্টি কৰি আহি ওলাইছে ক’লা ভেঁকুৰ (ব্লেক ফাংগাছ) বা মিউক’ৰমাইক’ছিছ’ । এই প্ৰাণঘাতী ভেঁকুৰক চম্ভালিবলৈকো এতিয়া চিকিৎসকলৰ থৰকাছুটি হেৰাইছে ।

কেৱল ক’লা ভেঁকুৰেই নহয় ইতিমধ্যে বগা ভেঁকুৰ আৰু হালধীয়া ভেঁকুৰৰো সন্ধান পাইছে বিজ্ঞানীয়ে । এইবোৰৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পূৰ্বেই শুনা গ’ল আন এক ভয়ানক বিপদৰ কথা ।

আন্দামানত সন্ধান ওলোৱা এবিধ নতুন ভেঁকুৰক কেন্দ্ৰ কৰি স্বাভাৱিকতে আতংকৰ সৃষ্টি হৈছে যি আচলতে এবিধ ‘ছুপাৰবাগ’ । কেণ্ডিডা অৰিছ নামৰ এই ভেঁকুৰ ইমানেই বিপজ্জনক যে এই ভেঁকুৰে মানুহৰ শৰীৰলৈ সংক্ৰমণ আৰম্ভ কৰিলে লক্ষ লক্ষ মানুহৰ মৃত্যু হ’ব পাৰে বুলি গৱেষকসকলে আশংকা কৰিছে ।

ইয়াৰ ভয়াৱহতাৰ আন এক কাৰণ হৈছে, এই মুহূৰ্তত বজাৰত চলিত প্ৰায় সকলো ধৰণৰ ঔষধৰে মোকাবিলা কৰিব পাৰে এই জীৱাণুৱে । অৰ্থাৎ প্ৰায় কোনো ঔষধে ইয়াৰ সংক্ৰমণ ৰোধ কৰিব নোৱাৰে ।

২০০৯ত জাপানত প্ৰথমবাৰলৈ এই কেণ্ডিডা অৰিছৰ সন্ধান পোৱা গৈছিল । পৰৱৰ্তী সময়ত ব্ৰিটেইনসহ মুঠ ৪০ খন দেশৰ সাগৰৰ উপকূল অঞ্চলত বিশেষজ্ঞসকলে এইবিধ ভেঁকুৰৰ সন্ধান পাইছিল ।

অৱশ্যে ভাৰতত শেহতীয়াকৈ এই ভেঁকুৰৰ সন্ধান ওলাইছে । আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মুঠ আঠটা অঞ্চলৰ পৰা ৪৮ টা নমুনা সংগ্ৰহ কৰাৰ পাছত এই ভেঁকুৰৰ শুংসূত্ৰ ওলায় ।

সাগৰতীৰৰ শিলাময় অঞ্চলত, লৱণাক্ত জলাশয়ত এই প্ৰাণঘাতী ভেঁকুৰক প্ৰৱলভাৱে দেখা গৈছে । দিল্লী বিশ্ববিদ্যালয়ৰ এদল গৱেষকে এই ভেঁকুৰৰ সন্ধান লাভ কৰিছে । তেওঁলোকে ‌ দাবী কৰিছে যে কেনেবাকৈ যদি এই ভেঁকুৰে মানুহৰ মাজত সংক্ৰমণ আৰম্ভ কৰে, তেন্তে বছৰি এক কোটি লোকৰ প্ৰাণ হৰিব পাৰে ।

স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে এই কেণ্ডিডা অৰিছ কিয় ইমান বিপজ্জনক ? এই সন্দৰ্ভত গৱেষকসকলে দাবী কৰিছে যে, এই ধৰণৰ ‘ছুপাৰবাগ’সমূহ সৃষ্টি হয় হাস্পতালৰ পৰিৱেশত । সেয়ে এই কেণ্ডিডা অৰিছ সম্প্ৰতি বজাৰত উপলব্ধ প্ৰায় সকলো ঔষধ প্ৰতিৰোধী । গতিকে ইয়াৰ সংক্ৰমণ ৰোধ কৰা এই মুহূৰ্তত প্ৰায় অসম্ভৱ বুলি তেওঁলোকে দাবী কৰে ।

দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে জনাইছে যে ই আচলতে এক প্ৰকাৰৰ ভেঁকুৰ, যাক হাস্পতালৰ বাহিৰত দেখাই নগৈছিল । এই প্ৰথমবাৰলৈ ইয়াক হাস্পতালৰ পৰিৱেশৰ বাহিৰত পোৱা গ’ল । এই বিষয়টো আগন্তুক দিনৰ বাবে ভয়ংকৰ বিপদৰ ইংগিত হ’ব পাৰে ।

অৱশ্যে আন একাংশ গৱেষকে দাবী কৰিছে যে এতিয়াই আতংকৰ কোনো কাৰণ নাই এই প্ৰাণঘাতী ভেঁকুৰে এতিয়াও প্ৰাণীদেহৰ উচ্চ তাপমাত্ৰাৰ স’তে ৰজিতা খাব পৰা নাই ।

Exit mobile version