সোমবাৰৰ পৰা দিল্লীত আৰম্ভ হ’ব ‘আনলক প্ৰক্ৰিয়া’, ঘোষণা মুখ্যমন্ত্ৰী কেজৰিৱালৰ

b60859a0 b7d4 11eb 8b7d 20c4334652de 1621341100147 1621500752043

আগন্তুক সোমবাৰৰ পৰা ‘আনলক প্ৰক্ৰিয়া’ আৰম্ভ হ’ব দিল্লীত । শুকুৰবাৰে জনালে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । কৰ’না বিধি অৱলম্বন কৰাৰ বাবেই দিল্লীত সংক্ৰমণ নিয়ন্ত্ৰণ কৰা সম্ভৱ হৈছে । ইয়াৰ বাবে ৰাজনৈতিক ৰাজধানীৰ দুই কোটি জনসাধাৰণক ধন্যবাদো জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘এতিয়া সকলো খোলি দিয়া প্ৰয়োজন । নহ’লে মানুহে অনাহাৰত মৰিব লাগিব ।’ তেওঁ ঘোষণা কৰে, ‘সোমবাৰৰ পৰা ঔদ্যোগিক অঞ্চলসমূত কাম আৰম্ভ কৰিব পাৰিব ।’

দিল্লীৰ মুখ্যমন্ত্ৰীয়ে জনাইছিল যে, বিগত কিছুদিনত দিল্লীত সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে । সংক্ৰমণ পাঁচ শতাংশৰ নিম্নগামী । তলাবন্ধ জাৰি কৰাৰ বাবে সংক্ৰমণ ৰোধ কৰা সম্ভৱ হৈছে । দ্বিতীয় ঢৌৰ আৰম্ভণিত যিদৰে অক্সিজেনসহ চিকিৎসাৰ বিভিন্ন সৰঞ্জামৰ বাবে হাহাকাৰ দেখা গৈছিল, সেইটোও এতিয়া বহু পৰিমাণে নিয়ন্ত্ৰণত । সেয়ে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

Exit mobile version