৯০ দিনৰ ভিতৰত কৰ’নাৰ উৎস চিনাক্তকৰণৰ বাবে মার্কিন

ShowImage

কৰ’না মহামাৰীৰ ব্যাপক সংক্রমণত সমগ্র বিশ্ব এস্তমান হৈ থকাৰ সময়তে এই মাৰাত্মক ভাইৰাছৰ উৎসৰ সন্ধান নিশ্চিত কৰিবলৈ মার্কিন চোৰাংচোৱা সংস্থা নির্দেশ দিলে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে।

চীনৰ জীৱজন্তুৰ মাংসৰ বজাৰ নে গৱেষণাগাৰত উৎপত্তি হৈছিল কৰ’না ভাইৰাছৰ ? এই সন্দৰ্ভত ৯০ দিনৰ ভিতৰত অনুসন্ধান চলাই প্রতিবেদন দাখিল কৰিবলৈ ৰাষ্ট্রপতি বাইডেনে আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহক সময় বান্ধি দিলে।

প্রয়ােজনত অধিক পৰিশ্ৰম কৰাৰ পৰামর্শ দি এক বিবৃতিত মার্কিন ৰাষ্ট্রপতিয়ে বৃহস্পতিবাৰে কয়, ‘কৰ’নাৰ উৎপত্তিক লৈ চোৰাংচোৱাসকল এতিয়াও দ্বিধাবিভক্ত হৈ আছে । একাংশৰ দাবী, চীনৰ পশুৰ বজাৰৰ পৰা এই ভাইৰাছ বিয়পি পৰিছিল।

কিন্তু আন একাংশৰ মতে চীনৰ গৱেষণাগাৰত কৰ’না ভাইৰাছ তৈয়াৰ কৰা হৈছিল। এই সন্দৰ্ভত এতিয়ালৈকে কোনাে সিদ্ধান্তত উপনীত হােৱা নাই। সেয়েহে আমি মার্কিন চোৰাংচোৱাক কৰ’নাৰ উৎপত্তিৰ তথ্য নিশ্চিত কৰিবলৈ ৯০ দিনৰ সময় দিলাে।

এই সন্দৰ্ভত চীনৰ ভূমিকাকো বিশ্লেষণ কৰিবলৈ পৰামর্শ দিলে মার্কিন ৰাষ্ট্রপতিয়ে।

Exit mobile version