প্রেমিকাৰ বিবাহ স্থগিত ৰাখিব নােৱৰাত মুখ্যমন্ত্রী নীতিশৰ পদত্যাগ দাবী প্রেমিকৰ

News247plus news image 17930 Boyfrienddemandsresignation BiharCMNitishKumar CMNitishKumar marriageduringlockdown 1621934967

বিহাৰৰ এজন যুৱকে টুইটাৰত ৰাজ্যখনৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ পদত্যাগ দাবী কৰিলে। কিন্তু কিয় ? কোনাে ৰাজনৈতিক কাৰণত নহয়, চৰকাৰ পৰিচালনাৰ ব্যর্থতাৰ বাবেও নহয়; এগৰাকী যুৱতীৰ বিবাহ স্থগিত কৰিব নােৱৰাৰ বাবে এইদৰে বিহাৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিলে এজন যুৱকে।

টুইটাৰ ব্যৱহাৰকাৰী এজন যুৱকৰ নাম হৈছে পংকজ কুমাৰ গুপ্তা। যুৱকজনে কিছুদিন পূর্বে তেওঁৰ প্ৰেমিকাৰ বিবাহ স্থগিত ৰাখিবলৈ প্রয়ােজনীয় ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্রী নীতিশক টুইটৰ জৰিয়তে অনুৰােধ জনাইছিল।

মুখ্যমন্ত্ৰীয়ে প্রেমিকাৰ বিবাহ স্থগিত ৰাখিব পাৰিলে আজীৱন কৃতজ্ঞ থাকিব বুলিও পংকজে টুইটাৰত ঘােষণা কৰিছিল। কিন্তু যােৱা ১৯ মে’ত পংকজৰ প্ৰেমিকাৰ বিবাহ আন এজন যুৱকৰ স’তে সম্পন্ন হয়।

ইয়াৰ পাছতে প্রেম বিচ্ছেদৰ বিৰহত কাতৰ যুৱকজনে টুইটক কৰি কয়, আপুনি এজন ব্যর্থ মুখ্যমন্ত্রী। আপুনি পদত্যাগ কৰা উচিত। মই আপােনাক কিমান অনুৰােধ জনাইছিলাে। যােৱা ১৯ মে’ত মােৰ প্ৰেমিকাৰ বিবাহ স্থগিত ৰাখিবলৈ মই আপােনাক বহুবাৰ অনুৰােধ জনাইছিলাে।

কিন্তু আপুনি কোনাে প্রতিক্রিয়া প্রকাশ নকৰিলে। কেৱল নিবনুৱা হােৱা হেতুকে মই প্রেমিকাক নিজৰ কৰি ল’ব নােৱাৰিলাে। মােৰ অভিশাপে আপােনাক স্পর্শ কৰিব। যুৱকজনে কৰা এই টুইট শেহতীয়াভাৱে সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছে।

Exit mobile version