বকোত ৩০ কেজি ওজনৰ অজগৰ সাপ উদ্ধাৰ

অজগৰ সাপটো এৰি দিলে ঘন জংঘলত

WhatsApp Image 2021 05 29 at 6.53.52 PM

বকোত বন বিভাগে উদ্ধাৰ কৰিছে ৩০ কেজি ওজনৰ এডাল অজগৰ সাপ বকোস্থ শিংৰা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ বালাপাৰাত এটা পৰিয়ালৰ বাসগৃহৰ পাছফালে থকা বাৰীৰ পৰা অজগৰ সাপটো উদ্ধাৰ কৰিছে বনবিভাগে।

পাছত নিশাৰ ভাগতে অজগৰ সাপটোক এৰি দিয়া হৈছে আগছিয়া পাহাৰত। উল্লেখ্য যে, বৃহত্তৰ বকো অঞ্চলত সঘনাই জনাঞ্চলত বৃহৎ বৃহৎ আকাৰৰ অজগৰ সাপ উদ্ধাৰ হৈ আহিছে ।

Exit mobile version