বটদ্ৰৱা থানৰ প্ৰকল্পস্থলী আজি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

IMG 20210529 182509

আজি নিৰ্মীয়মান বটদ্ৰৱা থানৰ বৃহৎ সাংস্কৃতিক প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাম অগ্ৰগতি বুজ লয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ আকাশী গংঙ্গাৰ তীৰৰ বেদখল মুক্ত বৃহৎ ভমিখণ্ডত ১৮৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা বৃহৎ সাংস্কৃতিক প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই সাংবাদিকৰ আগত কয়, এখন শ্মশানক লৈ যোৱা প্ৰাৰম্ভিক পৰ্যায়ত কিছু বাধা অহাৰ বাবে কামৰ গতি কিছু লেহেমীয়া হৈছিল।

কিন্তু এতিয়া আৰু সেই বাধা নাই। এজন এ ডি চিয়ে এতিয়াৰ পৰা এই কাম নিয়মীয়াকৈ তদাৰক কৰিব। আৰু এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্য নিদিষ্ট সময় সীমাৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবেও ব্যৱস্থা গ্রহণ কৰা হৈছে।

মুখ্যমন্ত্ৰী ৰূপে শপত গ্রহণ কৰাৰ পাছত প্রথম বাৰৰ বাবে আজি বটদ্ৰৱাত উপস্থিত হোৱাৰ সময়ত তেওঁৰ লগত উপস্থিত থাকে স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাৰ লগতে প্ৰাক্তন বিধায়িকা আঙুলতা ডেকা।

উল্লেখ্য যে, বটবৃক্ষ আৰ্হিৰে নিৰ্মাণ কৰিবলগীয়া ‘বটদ্ৰৱাৰ এই বৃহৎ সাংস্কৃতিক প্ৰকল্পত থাকিব খোল,তাল দবা -কাঁহ আদি দেববাদ্য সমূহ। বটবৃক্ষ আৰ্হিৰে নিৰ্মাণ হবলগীয়া বটদ্ৰৱাৰ এই বৃহৎ প্ৰকল্প সম্পূর্ণ হৈ উঠিলে দৰ্শনাৰ্থীয়ে লাভ কৰিব গুৰুজনাৰ জন্মস্থান আৰু তেখেতৰ অপূর্ব সৃষ্টিৰাজীৰ আভাস।

যিয়ে অনাগত দিনত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো পৰ্যটন কেন্দ্র, কলা কেন্দ্র আৰু গৱেষণা কেন্দ্র হিচাপে খ্যাতি লাভ কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰাটো প্ৰকট হৈ উঠিছে।

Exit mobile version