বিধায়ক লেহোৰাম বড়োৰ ক’ভিড আক্ৰান্ত হৈ অকাল মৃত্যুত শোক প্ৰকাশ কেপিপিৰ সাধাৰন সম্পাদক উত্তম কুমাৰ ৰায়ৰ

WhatsApp Image 2021 05 29 at 3.53.13 PM

কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ কেপিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে এক প্ৰেছ বাৰ্তা যোগে অসম বিধান সভাৰ ৫৮ নং তামুলপুৰ সমষ্টিৰ ইউ পি পি বেল দলৰ বিধায়ক লেহোৰাম বড়ো কৰ’নাত আক্ৰান্ত হৈ অকালতে মৃত্যুক আকোৱালি লোৱাত গভীৰ শোক ব্যক্ত কৰে ।

নৱ নিৰ্বাচিত বিধায়ক গৰাকীৰ অকাল বিয়োগত ৰাজ্যৰ ৰাজনীতিত এক অপুৰণীয় ক্ষতি বুলি কে পি পি সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায় কয় ।

লগতে কে পি পি সাধাৰণ সম্পাদক জনে বিধায়ক বড়ো মৃত্যুত দুখ প্ৰকাশ কৰি তেওঁৰ পৰিয়াল বৰ্গক জনায় গভীৰ সমবেদনা ।

ইফালে একেটা বিবৃতি কে পি পি সাধাৰণ সম্পাদক জনে ৰাজ্যৰ সাম্প্ৰতিক কৰ’না সংক্ৰমণৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগক প্ৰকাশ কৰে । সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে যিধৰণে গোটেই দেশ জুৰি কৰ’না ভাইৰাচৰ যি ভয়াৱহ সংক্ৰমন অব্যাহত আছে তাৰফলত আমি এক অনিশ্চিত ভৱিষ্যতৰ ফালে গতি কৰি আছোঁ ।

কৰ’না ভাইৰাচৰ এই ভয়াবহ সংক্ৰমন প্ৰতিৰোধ কৰিবলৈ হ’লে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ভেকচিন প্ৰদান আৰু পৰীক্ষণ প্ৰক্ৰিয়াত ক্ষিপ্ৰতাৰে আগবঢ়াই নিব লাগিব; ইয়াৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অতিশীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত । কৰ’না পৰীক্ষণ আৰু ভেকচিন প্ৰদান যি জটিল প্ৰক্ৰিয়া অৱলম্বন কৰা হৈছে ই সাধাৰণ জনতাৰ জনজীৱন লৈ কঢ়িয়াই আনিছে এক ভয়ংকৰ পৰিস্থিতি।

গতিকে কেন্দ্ৰীয় চৰকাৰে ভেকচিন প্ৰদানৰ সমীকৰণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি বিবৃতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনালোঁ বুলি উল্লেখ কৰে উক্ত প্ৰেছ বাৰ্তাতেই ।

Exit mobile version