সুস্থ হােৱাৰ পাছতাে ৰেহাই নাই কৰ’নাৰ পৰা

তিনি মাহৰ পাছতাে হ’ব পাৰে হওফাঁওৰ সংক্রমণ

covid 19 1190x574 2 full

কৰ’না ভাইৰাছৰ পৰা মানুহে ৰক্ষা পােৱাৰ কোনাে তলা-নলা বিচাৰি নােপােৱা হৈছে। এনে পৰিস্থিতি হৈছেগৈ যে কৰ’নাৰ পৰা সুস্থ ঘােষিত হােৱাৰ পাছতাে মানুহ ইয়াৰ কবলৰ পৰা মুক্ত নােহােৱা হৈছে।

আনকি সুস্থ হৈ উঠাৰ তিনি মাহৰ পাছতাে ৰােগীৰ শৰীৰত সংক্রমণৰ অস্তিত্বৰ উমান পােৱা গৈছে। ব্রিটেইনৰ এদল গৱেষকে সম্প্রতি এই তথ্য সদৰী কৰিছে। হাস্পতালৰ পৰা মুক্তিলাভৰ তিনি মাহ বা তাতকৈও অভিদ সময়ৰ পাছতাে দেখা গৈছে।

হাঁওফাঁওত সংক্রমণৰ প্ৰভাৱ।সচৰাচৰ চিটি স্কেন বা চিকিৎসক পৰীক্ষাত এইবােৰ ক্ষতি হয়তাে দৃষ্টিগােচৰ নহয়। ফলত সকলাে ৰােগীকে কোৱা হৈছে যে তেওঁলােক সুস্থ হৈ আছে।

কিন্তু ৰােগীক সুস্থ ঘােষণা কৰাৰ বাবে ব্রিটেইনৰ গৱেষকৰ দলটোৱে ব্যৱহাৰ কৰিছে ইমেজিং’ নামৰ এক অত্যাধুনিক পদ্ধতি। এনে কিছু ৰােগী আছে যিসকলে বহু দিনৰ পূর্বেই হাস্পতালৰ পৰা মুক্তি পাইছিল যদিও মাজে-মধ্যেই সামান্য শ্বাস-প্রশ্বাসৰ সমস্যাত ভুগি আছে।

এই ইমেজিং পদ্ধতি প্রয়ােগ কৰি দেখা গৈছে যে এনে ৰােগীৰ ক্ষেত্ৰত হাঁওফাঁওত এতিয়াও সংক্রমণৰ ছাপ আছে। ব্রিটেইনৰ শ্বেফিল্ড বিশ্ববিদ্যালয় আৰু অক্সফোর্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই সংক্রান্তীয় এখন গৱেষণাপত্ৰত ‘ৰেডিঅ’লজী’ নামৰ এখন বিখ্যাত পত্রিকাত প্ৰকাশ কৰিছে।

প্রতিবেদনত গৱেষকসকলে জনাইছে যে এই ধৰণৰ বহু ৰােগী আছে, যিসকল ক’ভিডৰ পৰা আৰােগ্য হােৱাৰ পাছত তেওঁলােকৰ সকলােবােৰ পৰীক্ষাৰ ফলাফল স্বাভাৱিক আহিছে। অথচ তিনি মাহ বা পাঁচ মাহৰ পাছতাে সামান্য পৰিমাণে ফোপনি ধৰাৰ সমস্যা থাকি গৈছে।

তেনে লােকৰ ক্ষেত্ৰত এক উন্নত ধৰণৰ এমআৰআই কৰি চাইছে গৱেষকসকলে। তেতিয়াই স্পষ্টভাৱে ধৰা পৰিছে সংক্ৰমণৰ প্রভাৱ। কাৰাে কাৰাে হাঁওফাঁওৰ ইমানেই ক্ষতি হৈ আছে যে ৰক্তলৈ সঠিকভাৱে অক্সিজেনৰ সৰবৰাহেই হােৱা নাই।

তাৰ ফলতে ক’ভিডৰ পৰা সুস্থ হােৱাৰ তিনি মাহৰ পাছতাে শ্বাস লােৱাত অসুবিধা হৈ আছে। বিজ্ঞানীৰ দলটোৱে জনাইছে যে এই গৱেষণা এতিয়াও প্রাথমিক পর্যায়তে আছে।

যিসকল ৰােগীয়ে সংক্রমণ লৈ এটা সময়ত হাস্পতালত চিকিৎসাধীন হৈ আছিল, কেৱল তেওঁলােকৰহে পৰীক্ষা কৰা হৈছে এই গৱেষণাত। ইয়াৰ পাছত লাহে লাহে চোৱা হ’ব যিসকলে হাস্পতাললৈ যাবলগীয়া হােৱা নাছিল, তেওঁলােকৰ হাঁওফাঁওৰ অৱস্থাও।

সকলােবােৰ নিৰীক্ষণ কৰাৰ পাছতহে বুজা যাব কৰ’না ভাইৰাছে হাঁওফাঁওৰ আচলতে কিমান ক্ষতি কৰিছে। তাৰ ওপৰত ভিত্তি কৰিয়ে আগন্তুক দিনত চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব বুলিও বিজ্ঞানীসকলে জনাইছে।

Exit mobile version