৩১ কোটি টকাৰে মুম্বাইত নতুন বাসগৃহ ক্ৰয় অমিতাভৰ

amitabh bachchan

বলিউডৰ মহাতাৰকা অভিনেতা অমিতাভ বচ্চনে মুম্বাইৰ আন্ধেৰীত এটা নতুন বাসগৃহ ক্ৰয় কৰিলে। প্রকাশিত বাতৰি অনুসৰি, আটলান্টিছ নামৰ এটা নির্মীয়মান এপার্টমেণ্টত অমিতাভে এটা ডুপ্লেক্স এপার্টমেন্ট ক্রয় কৰিছে।

এই নতুন বাসগৃহ ক্ৰয়ৰ বাবদ অভিনেতাজনে ৩১ কোটি টকা ব্যয় কৰিলে। যােৱা ডিচেম্বৰতে অমিতাভে নতুন ঘৰটো ক্ৰয়ৰ চুক্তি সম্পন্ন কৰিছিল যদিও যােৱা এপ্রিলত বাসগৃহৰ পঞ্জীয়ন কৰায়।

অমিতাভৰ এই নতুন বিলাসী বাসগৃহটো ৫১৮৪ বর্গফুট আকৃতিৰ। উল্লেখ্য যে আন্ধেৰীৰ এই অঞ্চলতে অভিনেত্রী ছানী লিয়নি, চলচ্চিত্র নির্দেশক আনন্দ এল ৰায় আদিয়েও বাস কৰে ।আটলান্টিছতে ছানীয়ে যােৱা বছৰত ১৬ কোটি টকাৰে এটা এপার্টমেন্ট ক্রয় কৰিছিল।

Exit mobile version