ৰাজ্যত বন্ধ হৈ আছে আন্তঃ জিলা যাতায়ত । ক’ভিড পৰিস্থিতিৰ বাবে চৰকাৰে লৈছে এই কঠোৰ সিদ্ধান্ত । অসমৰ সকলো অঞ্চলতে গণ সংক্ৰমণ হৈছে, সেই বাবে চৰকাৰে ২১ মে’ ৰাতিপুৱা পাঁচ বজাৰ পৰাই কাৰ্য্যকৰী হোৱাকৈ এই সিদ্ধান্ত লৈছে ।
সাপটগ্ৰাম আৰক্ষীয়ে ধুবুৰী জিলা আৰু কোকৰাঝাৰ জিলাৰ সীমান্ত সাপটগ্ৰাম ব্ৰিজত ৰাতিপুৱাৰ পৰাই প্ৰশাসনৰ কটকটীয়া ব্যৱস্থা কৰা দেখা গৈছে । প্ৰতিখন গাড়ী তন্ন তন্ন কৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে । প্ৰশাসনৰ পৰা সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে যাতে কোনো লোকে এই নিয়ম ভংগ কৰিব নোৱাৰে ।
অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত যেনে স্বাস্থ্য বিভাগৰ লগত জড়িত লোক, ৰোগী, চৰকাৰী কৰ্মচাৰী, ব্যক্তিগত খণ্ডত নিয়োজিত কিছুমান কৰ্মচাৰী, সংবাদমাধ্যমৰ লোকসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।