উত্তৰপ্ৰদেশৰ নদীত কৰ’না ৰোগীৰ মৃতদেহ পেলোৱা দৃশ্য বন্দী হ’ল কেমেৰাত

c7bue2j covid patients body up

শেহতীয়াকৈ উত্তৰপ্ৰদেশ আৰু বিহাৰৰ গংগাত ক’ভিড ৰোগীৰ মৃতদেহ বৈ যোৱা ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছিল সামাজিক মাধ্যমত । ঘটনাটোক লৈ সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছিল । এইবাৰ ইয়াতকৈও ভয়াবহ ফটো ধৰা পৰিল যোগী ৰাজ্যত । নদীত পেলায় দিয়া হৈছে এজন ক’ভিড ৰোগীৰ মৃতদেহ ।

তথ্য অনুসৰি, যোৱা শুকুৰবাৰে উত্তৰপ্ৰদেশৰ বলৰামপুৰ জিলাত ঘটনাটো সংঘটিত হয় । প্ৰকাশ্যত অহা ভিডিঅ’ত দেখা গৈছে, দলঙৰ পৰা ৰাপ্তি নদীত দুজন লোকে মৃতদেহ পেলাইছে । তেওঁলোকৰ এজনে পিপিই কিট পৰিধান কৰিছে । সেই দলঙেৰে গৈ থাকোঁতে দুজন লোকে দৃশ্যটো কেমেৰাত বন্দী কৰে । ইয়াৰ পাছতেই ভিডিঅ’টো ভাইৰেল হৈ পৰে ।

দেহটো ক’ভিড আক্ৰান্তৰেই বুলি নিশ্চিত কৰে বলৰামপুৰৰ মুখ্য স্বাস্থ্য বিষয়াই । এই ঘটনাৰ স’তে জড়িতসকলৰ ভিতৰত এজন মৃতকৰ পৰিয়ালৰ সদস্য । প্ৰাথমিক তদন্ত অনুসৰি, ২৫ মে’ত কৰ’না ৰোগীজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । যোৱা ২৮ মে’ত তেওঁৰ মৃত্যু হয় । মুখ্য স্বাস্থ্য বিষয়া ভিবি সিঙে জনায়, অভিযুক্ত পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

Exit mobile version