ক’ভিড চিকিৎসাত অতিৰিক্ত বিল, তেলেংগানাত লাইচেন্স বাতিল ১০ হাস্পতালৰ

india young doc wider image 03 rt jef

কৰ’না চিকিৎসাৰ বাবে অতিৰিক্ত ধন লোৱা আৰু চূড়ান্ত অব্যৱস্থাৰ অভিযোগত ১০ খন হাস্পতালৰ লাইচেন্স বাতিল কৰে চৰকাৰে ।

প্ৰশাসনৰ সূত্ৰ অনুসৰি, ৰাজ্যৰ বহু কেইখন হাস্পতালে ক’ভিড চিকিৎসাৰ বাবে অতিৰিক্ত টকা আদায় কৰাৰ অভিযোগ উত্থাপন হৈছিল । একেই বিষয়ৰ ১১৫ টা অভিযোগ দাখিল হয় স্বাস্থ্য বিভাগত । শনিবাৰে স্বাস্থ্য আৰু জনকল্যাণ বিভাগৰ পৰা ৭৯ খন হাস্পতালত জাননী প্ৰেৰণ কৰা হয় । ইয়াৰ পাছতেই ১০ খন হাস্পতালৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে স্বাস্থ্য বিভাগে ।

স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, এই ১০ খন হাস্পতালৰ বিৰুদ্ধেই আটাইতকৈ বেছি অভিযোগ ৰুজো হৈছে । এই কেইখনৰ ভিতৰৰ এখন হাস্পতালৰ এই পৰ্যন্ত দুবাৰ লাইচেন্স বাতিল কৰা হৈছে ।

ৰাজ্যত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেলেংগানা চৰকাৰে হাস্পতালসমূহক নিৰ্দিষ্ট খৰচ বান্ধি দিছে । অভিযোগ, চৰকাৰৰ নিৰ্দেশ অৱমাননা কৰি বহু হাস্পতালে ৰোগীৰ পৰিয়ালৰ পৰা অধিক ধন আদায় কৰিছে । লগতে, চিকিৎসালয়বোৰৰ সেৱাক লৈও অভিযোগ উত্থাপন কৰিছে ৰোগীৰ পৰিয়ালবৰ্গই ।

Exit mobile version