কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে সেৱামূলক কাৰ্যসূচী পালন দোতমাত

WhatsApp Image 2021 05 30 at 6.51.02 PM

সেৱাই সংগঠনৰ মূল নীতি হিচাপে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ সাত বছৰৰ সফলতাৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে আজি দোতমা, ফকিৰাগ্ৰাম, সেৰফানগুৰী অঞ্চলত কেন্দ্রীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰা হয় ।

উল্লেখযোগ্য যে, ভাৰতীয় জনতা পাৰ্টীৰ আজি এই বৰ্ষপূৰ্তি উপলক্ষে ফকিৰাগ্ৰাম অঞ্চলত বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেই কন্টেনমেন জ’নত থকা লোকসকলক মাস্ক, ছেনিটাইজাৰৰ লগতে খাদ্য সামগ্রী বিতৰণ কৰে ।

ইপিনে, দোতমা আৰু সেৰফানগুৰী অঞ্চলত মণ্ডল বিজেপিৰ নেতৃত্বত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে বৃক্ষৰোপন কাৰ্যসূচীও ৰূপায়ণ কৰা হয় । দোতমা অঞ্চলত আজিৰ এই অনুষ্ঠানত বিজেপিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকল উপস্থিত থাকে ।

Exit mobile version