হাউলীত ড্ৰাগছসহ তিনিজনক আটক

WhatsApp Image 2021 05 30 at 6.50.06 PM

সমগ্ৰ ৰাজ্যত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লৈছে । বৰপেটা জিলাৰ হাউলীত কালি ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে হাউলী আৰক্ষীয়ে অভিযান চলায় । হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ বৰুৱাৰ নেতৃত্বত চলা অভিযানত তিনি ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ।

আৰক্ষীয়ে জনোৱা মতে, এক গোপন সূত্ৰৰ পম খেদি কালি সন্ধিয়া পাঁচ বজাত হাউলীৰ মানাস কন্যা ধাবাৰ সমীপত প্ৰথমে ড্ৰাগছসহ বৰপেটা ৰোডৰ ফজল আলী আৰু শ্বহিদুল ইছলামক আটক কৰে ।

ধৃত দুই ড্ৰাগছ ব্যৱসায়ীৰ স্বীকাৰোক্তিৰ ভিত্তিতে নিশাই বাগসা্‌ৰ জাখলিবিল পথাৰৰ নবি হুছেইনক আটক কৰে ।

আটকাধীন ব্যৱসায়ীৰ পৰা ৭.৪৬ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । সম্প্ৰতি অধিক তথ্যৰ বাবে তিনিজনক হাউলী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Exit mobile version