ছয়গাঁৱৰ হাতীপাৰাত চোৰাং শালগছৰ কুণ্ডাসহ অবৈধ কাঠ ফলা মিল জব্দ: মূল্য দুই লাখ

পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ অধীনৰ সেউজভূমিত দিনে নিশাই কাঠ ফলা মেচিনৰ শব্দ শুনিবলৈ পোৱাটো সম্প্ৰতি সাধাৰণ ঘটনাত পৰিণত হৈছে । এফালৰ পৰা তহিলং হৈ আহিছে একালত অক্সিজেনৰ হাব হিচাবে পৰিচিত বনসংমণ্ডলটোৰ‌ অন্তৰ্গত বৃহত্তৰ সেউজভূমি ।

ইয়াৰ মাজতে আজি ছয়গাঁৱৰ হাতীপাৰাৰ পৰা প্ৰায় দুইলাখ টকা মূল্যৰ অবৈধ কাঠ ফলা মিলসহ শাল গছৰ কুণ্ডা, জেনেৰেটৰ জব্দ কৰে বনবিভাগে । বকোস্থ শিংৰা বনাঞ্চলিক কাৰ্যলয়ৰ বিষয়াসহ বনবিভাগৰ দল এটাই অভিযান চলাই দীৰ্ঘদিন ধৰি হাতীপাৰাত নুৰুল আলী নামৰ কাঠ ব্যৱসায়ী জনে অবৈধভাবে চলাই অহা কাঠ ফলা মিল এটা উচ্ছেদ কৰি জেনেৰেটৰসহ আনুষঙ্গিক সা সঁজুলি আৰু ৫০ কেবি শাল গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

বনবিভাগৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই চোৰাং কাঠ ব্যৱসায়ী নুৰুল আলী পলাই যাবলৈ সক্ষম হয়‌ । সম্প্ৰতি জব্দাকৃত কাঠৰমিলসহ কুণ্ডা সমূহ শিংৰা বনাঞ্চলিক কাৰ্যালয়ত মজুত ৰখা হৈছে। বনসংমণ্ডল বিষয়া ৰঞ্জিত কোঁৱৰে অভিযান সন্দৰ্ভত বকোস্থ শিংৰা বনাঞ্চলিক কাৰ্যালয়ত উপস্থিত হয় ।

Exit mobile version