প্ৰতিষেধক লাভ নকৰিলে এইবাৰ এছ‌এম‌এছ-তেই জনোৱা হ’ব পৰৱৰ্তী তাৰিখ, ক’উইনৰ নতুন বৈশিষ্ট্য

co win app

নিৰ্ধাৰিত দিনত প্ৰতিষেধক নাপালে এইবাৰ মেছেজতেই জনোৱা হ’ব প্ৰতিষেধক গ্ৰহণৰ পৰৱৰ্তী তাৰিখ । নাম নথিভুক্ত কৰাৰ পাছত প্ৰতিষেধক নাপালে দ্বিতীয়বাৰ নাম নথিভুক্ত কৰিব নালাগে । সেয়ে ক’উইনত উপলব্ধ কৰা হৈছে এই নতুন বৈশিষ্ট্য ।

প্ৰতিষেধকৰ বাবে নাম নথিভুক্ত কৰাৰ পাছতো প্ৰতিষেধক লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে দেশৰ বিভিন্ন প্ৰান্তত । অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এই অভিযোগক সম্পূৰ্ণ ‘ভিত্তিহীন আৰু ভুৱা’ বুলি দাবী কৰিছে ।

প্ৰতিষেধকৰ বাবে নাম নথিভুক্তকৰণ কৰাৰ পাছত ক’ত প্ৰতিষেধক গ্ৰহণ কৰিব, এই সকলোবোৰ কেন্দ্ৰ চৰকাৰৰ দ্বাৰা পৰিচালিত ক’উইন এপৰ জৰিয়তে কৰিব লাগে নাগৰিকে । নিৰ্ধাৰিত সময়ত গৈও প্ৰতিষেধক লাভ নকৰাৰ যি অভিযোগ উত্থাপন হৈছে, সেই বিষয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে, কেতিয়া প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব তাৰ দিন-সময় ডিষ্ট্ৰিক্ট ইমিউনাইজেছন অফিচাৰ (ডিআইঅ’) ছেছন ইন-চাৰ্জে জনোৱাৰ পাছতেই প্ৰকাশ কৰা হয় ।

এই সকলোবোৰ উপলব্ধ প্ৰতিষেধকৰ উপৰতে ভিত্তি কৰে । প্ৰতিষেধকৰ পৰিমাণ কম থাকিলে ডিআইঅ’এ এই কাৰ্যসূচী বাতিল কৰে বুলি জনায় স্বাস্থ্য মন্ত্ৰণালয়ে ।

এইবাৰৰ পৰা এনেধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় নাগৰিকসকলে । ক’উইনত নাম নথিভুক্ত কৰাসকলে প্ৰতিষেধক লোৱাৰ তাৰিখত যদি প্ৰতিষেধক উপলব্ধ নহয়, তেন্তে এই লোকসকলৰ ফোনত মেছেজ আহি যাব আৰু মেছেজত পৰৱৰ্তী দিন-সময়ো জনায় দিয়া হ’ব । ফলত নাগৰিকসকলে প্ৰতিষেধক ল’বলৈ গৈ বিমুখ হৈ উভতি আহিব নালাগিব ।

ক’উইন এপত এই নতুন বৈশিষ্ট্য সংযুক্ত কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে । লগতে, এটা নিৰ্দেশনা জাৰি কৰি মন্ত্ৰণালয়ে জনায়, প্ৰতিষেধক লোৱাৰ দিনাখনে সংশ্লিষ্ট লোকজনক শংসাপত্ৰ দিয়াৰ বিষয়টো সুনিশ্চিত কৰিব লাগিব ।

Exit mobile version