কৰ’না ভাইৰাছৰ ফলত সমগ্ৰ দেশতে ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে । অসমো ইয়াৰ ব্যতিক্রম নহয় । কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্যখনৰ স্বাস্থ্য বিভাগকে আদি কৰি প্ৰশাসন, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে ৰাইজৰ মাজত সজাগতাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰিছে ।
তাৰ সমান্তৰালকৈ বন্ধন বেংকৰ বন্ধন কোন্নগৰ সংস্থাৰ ফকিৰাগ্ৰাম শাখাৰ উদ্যোগত বন্ধন আৰ্থিক স্বাক্ষৰতা কৰ্মসূচী ক’ভিড-১৯ৰ বাবে ৰাইজক সজাগ কৰিবলৈ ফকিৰাগ্ৰামৰ বিভিন্ন অঞ্চলৰ লগতে ফুটকিবাৰীত মাইকযোগে প্ৰচাৰ চলায় লগতে ৰাইজক মাস্ক বিতৰণ কৰে ।
উল্লেখ্য যে সংস্থাটোৱে ইতিমধ্যে ৰাইজক অথবা বহু দৰিদ্ৰ মহিলাকে আদি কৰি বহু আৰ্থিকভাৱে দুৰ্বল লোকক সহায় কৰি নিজকে স্বাৱলম্বী কৰাৰ গুৰূত্বপূর্ণ ভূমিকা পালন কৰি আহিছে ।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে বন্ধন কোন্নগৰ সংস্থাৰ ফকিৰাগ্ৰাম শাখাৰ ক্ষেত্র সমন্বয়ক কল্যাণ কুমাৰ সেন আৰু শাখা প্ৰবন্ধক দিলীপ চন্দ্র ৰায় লগতে সংস্থাটোৰ বিভিন্ন কৰ্ম কৰ্তাসকল ।
কল্যাণে সংবাদমাধ্যমৰ আগত কয় যে, ক’ভিড-১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজ সজাগ হওক, মাস্ক পৰিধান কৰক আৰু সামাজিক দূৰত্ব অটুট ৰাখক লগতে অনাহকত ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ আহ্বান জনায় ।